PTI photo
PTI photo

newsnextone.com | ডিজিটেল ডেস্কঃ জৰুৰীকাল লাগু কৰাৰ বিৰুদ্ধে প্ৰত্যেক বৰ্ষতে বিজেপিয়ে কংগ্ৰেছক আক্ৰমণ কৰা পৰিলক্ষিত হৈ আহিছে৷ পুনৰ এবাৰ বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে ২৫ আৰু ২৬ জুনত ক’লা দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লৈছে৷ ৪৩ বছৰ পূৰ্বে ১৯৭৫ চনৰ ২৫ জুনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সমগ্ৰ দেশত জৰুৰীকাল লাগু কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ 

বিজপিয়ে কংগ্ৰেছৰ সিদ্ধান্তৰ বিৰোধিতা কৰি কয় যে, দেশত জৰুৰীকাল লাগু কৰি কংগ্ৰেছে গণতন্ত্ৰক হত্যা কৰিছিল৷ বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে এনে পৰিস্থিতিত টুইট কৰি কয়, ‘১৯৭৫ চনত আজিৰ দিনটোতে মাত্ৰ শাসনৰ লালসাত কংগ্ৰেছে নিজৰ ৰাজনৈতিক স্বাৰ্থক আগস্থান দি দেশৰ গণতন্ত্ৰক হত্যা কৰি থৈ গৈছে৷ কংগ্ৰেছে দেশৰ সংসদক নিস্ক্ৰিয় কৰি উচ্চতম ন্যায়ালয়ক মুকদৰ্শক হিচাপে উপস্থাপন কৰিছিল আৰু সংবাদ মাধ্যমৰ মুখত তলা লগাই দিছিল৷’

বিজেপি অধ্যক্ষগৰাকীয়ে কয়, ‘অসংখ্য লোকক বিনা কাৰণত অন্ধকাৰ কাৰাগাৰত বন্দী কৰা হ’ল৷ দেশৰ জনতাই ২১ মাহ ধৰি অনেক কষ্ট আৰু যাতনা ভোগ কৰিবলগীয়া হ’ল৷ এনে জৰুৰীকালীন অৱস্থাত দেশৰ গণতন্ত্ৰ পুনৰ উজ্জ্বীৱিত কৰাৰ বাবে সৰ্বস্ব ত্যাগ কৰা দেশবাসীকসকলৰ কোটি কোটি প্ৰণাম৷’

অমিত শ্বাহৰ টুইটৰ পৰা এয়া স্পষ্ট হৈছে যে বিজেপি কংগ্ৰেছৰ বিৰুদ্ধে কিমান আক্ৰমণাত্মক৷ ইফালে, বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে গণতন্ত্ৰ হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি এনেদৰে আক্ৰমণ কৰাটো নতুন বিষয় নহয় বুলিও বিভিন্ন জনে মত পোষণ কৰিছে৷ কিন্তু বৰ্তমান সময়ত বিজেপিৰ এই আক্ৰমণাত্মক দৃষ্টিভংগীয়ে বিশেষ গুৰুত্ব লাভ কৰিছে৷ ২০১৯ৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ এই মন্তব্য নতুন ৰণ কৌশল হিচাপে ধৰা হৈছে৷

দেখিবলৈ পোৱা মতে, কংগ্ৰেছ সহ বিৰোধী দল সমূহে বিজেপি আৰু মোডী চৰকাৰক আক্ৰমণ কৰি আহিছে৷ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন সময়ত গণতন্ত্ৰৰ হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে৷ এতিয়া বিজেপিয়ে জৰুৰী কালৰ কথা মনত পেলাই দি কংগ্ৰেছক আইনা দেখুৱাবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে৷ বিজেপি অধ্যক্ষৰ মন্তব্যই বিজেপিৰ আক্ৰমণাত্মক ৰণনীতি স্পষ্ট কৰিছে৷

কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীয়েও জৰুৰীকালৰ কথা মনত পেলাই দি তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে৷ জেটলীয়ে কয়, ‘ইন্দিৰা  গান্ধীয়ে কেৱল ৰাজনৈতিক লাভৰ বাবেহে সকলো কাম কৰিছিল৷ তেওঁ গণতন্ত্ৰৰ নীতিক গুৰুত্ব প্ৰদান কৰা নাছিল৷ জৰুৰীকালীন অৱস্থা লাগু কৰাও তেওঁৰ এক জনবিৰোধী ৰাজনৈতিক স্বাৰ্থজৰিত সিদ্ধান্ত আছিল৷’

ইফালে ৪৩ বছৰ পূৰ্বে কংগ্ৰেছে লাগু কৰা জৰুৰীকালীন অৱস্থাৰ বিৰোধ কৰি বিজেপিয়ে প্ৰত্যেক বৰ্ষতে ক’লা দিৱস পালন কৰি কংগ্ৰেছক আক্ৰমণ কৰি আহিছে৷ আপাতকাল ২৫-২৬ জুনৰ মাজ নিশা লাগু হৈছিল বাবে বিজেপিয়ে দুয়োটা দিনেই ক’লা দিৱস হিচাপে পালন কৰে৷ ২৬ জুনত দলে সমগ্ৰ দেশত প্ৰেছ কনফাৰেন্সৰ জৰিয়তেও বিজেপিয়ে কংগ্ৰেছক আক্ৰমণ কৰিব৷

জৰৰীকালক লৈ দেশৰ প্ৰত্যেক ৰাজ্যৰ ৰাজধানীত দলৰ জ্যেষ্ঠ নেতা আৰু কন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত হৈছে৷ আপাতকালৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীত তেওঁলোকে অংশ লোৱাৰ লগতে সংবাদ মেল যোগে ১৯৭৫ চনৰ সেই ক’লা দিনদুটাৰ বিৰুদ্ধে জনতাক অৱগত কৰাব৷

এই কালছোৱাত বিজেপিৰ অধ্যক্ষ অমিত শ্বাহ আহমদাবাদত থাকিব৷ তেওঁ প্ৰদেশ বিজেপিৰ এক চিন্তন বৈঠকত অংশ ল’বলৈ আহমদাবাদত উপস্থিত হয়৷ ২৬ জুনত আহমদাবাদৰ পৰাই অমিত শ্বাহে কংগ্ৰেছক আক্ৰমণ কৰি সংবাদ মেলত অংশ ল’ব বুলি জানিব পৰা গৈছে৷

ইফালে, কেন্দ্ৰীয় মন্ত্ৰী জেনেৰেল বিকে সিঙে অন্ধ্ৰপ্ৰদেশত আৰু জীতেন্দ্ৰ সিঙে অসমত ক’লা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে৷ গ্ৰামীণ বিকাশ মন্ত্ৰী নৰেন্দ্ৰ সিঙ তোমাৰে পাটনাত আৰু ডা০ মহেশ শৰ্মাই চণ্ডীগড়ত ক’লা দিৱসৰ অনুষ্ঠানত অংশ ল’ব৷ তদুপৰি ধৰ্মেন্দ্ৰ প্ৰধানে চত্তীশগড়ত, অনন্ত কুমাৰে মধ্যপ্ৰদেশত আৰু কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবেডকাৰে ৰাজস্থানত ক’লা দিৱসৰ দুটা দিনৰ বিভিন্ন অনুষ্ঠানত অংশ লৈ কংগ্ৰেছক আক্ৰমণ কৰিব৷

ইয়াৰ বাহিৰেও বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা আৰু দলীয় পদাধিকাৰেও বিভিন্ন ৰাজ্যৰ ৰাজধানী চহৰত উপস্থিত থাকি জৰুৰীকালৰ বিৰোধিতা কৰিব৷ আনহাতে বিজেপিয়ে ক’লা দিৱস পালনৰ মাজতে আপাতকালৰ সময়ত কাৰাগাৰলৈ প্ৰেৰণ কৰা লোক আৰু কৰ্মকৰ্তাসকলক সন্মানিতও কৰিব৷ কিন্তু এইবাৰ আগন্তক নিৰ্বাচনলৈ লক্ষ্য ৰাখি দেশৰ প্ৰতিটো চুকৰ পৰাই কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য বান্ধি লৈ বিজেপিয়ে নতুন ৰণ কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷