71
হোজাইঃ যমুনামুখ সমষ্টিত দুই ভাগত বিভক্ত হ’ব পাৰে বিজেপি। ইয়াৰ ইংগিত বহন কৰিছে এখন সংবাদ মেলে। সমষ্টিটোৰ শতাধিক বিজেপি কৰ্মীসহ কেবাগৰাকী স্থানীয় নেতাই আজি পশ্চিম মণ্ডলৰ সভাপতিৰ বিৰুদ্ধে ডবকাত এখন সংবাদ মেল সম্বোধন কৰে।
সংবাদ মেলত সভাপতি জয় ভদ্ৰৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে স্থানীয় বিজেপিৰ নেতা-কৰ্মীসকলে। সংবাদ মেল আহ্বান কৰা নেতাকেইজনে ৰাজ্যিক কমিটি আৰু জিলা কমিটিৰ ওপৰতো অসুন্তষ্টি প্ৰকাশ কৰে।