হোজাইঃ যমুনামুখ সমষ্টিত দুই ভাগত বিভক্ত হ'ব পাৰে বিজেপি। ইয়াৰ ইংগিত বহন কৰিছে এখন সংবাদ মেলে। সমষ্টিটোৰ শতাধিক বিজেপি কৰ্মীসহ কেবাগৰাকী স্থানীয় নেতাই আজি পশ্চিম মণ্ডলৰ সভাপতিৰ বিৰুদ্ধে ডবকাত এখন সংবাদ মেল সম্বোধন কৰে।

সংবাদ মেলত সভাপতি জয় ভদ্ৰৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে স্থানীয় বিজেপিৰ নেতা-কৰ্মীসকলে। সংবাদ মেল আহ্বান কৰা নেতাকেইজনে ৰাজ্যিক কমিটি আৰু জিলা কমিটিৰ ওপৰতো  অসুন্তষ্টি প্ৰকাশ কৰে।

জয় ভদ্ৰৰ বিৰুদ্ধে লিখিত অভিযোগ দিয়াৰ পিছতো উৰ্ধতম মহলে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সংবাদমেলত ক্ষোভ উজাৰে উপস্থিত স্থানীয় বিজেপি নেতা-কৰ্মীসকলে। 

ডবকা গড়কাপ্টানি পৰিদৰ্শন ভৱনত অনুষ্ঠিত হোৱা উক্ত সংবাদ মেলখনত উপস্থিত থাকে যমুনামুখ সমষ্টিৰ পশ্চিম মণ্ডলৰ সম্পাদক দেৱ শইকীয়া, উপ-সভাপতি বলেন দেউৰী, বিন্নাকান্দি ব্লকৰ এমপিৰ নমিনি মহেশ্বৰ বৰাৰ লগতে শতাধিক কৰ্মী ৷

সংবাদ মেলখনতে তেওঁলোকে আৰু কয় যে বিভিন্ন দলৰ পৰা অহা নবিজেপিৰ কৰ্মীৰ মইমতালিত বছৰ বছৰ ধৰি নিষ্ঠাৰে কাম কৰি অহা কৰ্মীসকল গুৰুত্বহীন হৈ পৰিছে ৷  পুৰণি দলীয় সংখ্যালঘু নেতাক ন-বিজেপি কৰ্মীসকলে গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপন কৰে দেৱ শইকীয়াকে আদি কৰি সংবাদ মেলত উপস্থিত থকা নেতাসকলে।

আজিৰ সংবাদ মেলত তেওঁলোকৰ দাবী আৰু অভাৱ-অভিযোগক জিলা আৰু ৰাজ্যিক কমিটিয়ে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰে তেন্তে দল ত্যাগ কৰাৰো হুংকাৰ প্ৰদান কৰে ক্ষুব্ধ নেতা-কৰ্মীসকলে। উল্লেখ্য যে বিগত কেবামাহো ধৰি সমষ্টিটোত বিজেপিৰ স্থানীয় নেতাসকলৰ মাজত জয় ভদ্ৰক লৈ তীব্ৰ অসন্তুষ্টি চলি থকা দেখা গৈছিল।