newsnextone.com | ডিজিটেল ডেস্কঃ আফগানিস্তানত পুনৰ বিস্ফোৰণ সংঘটিত হৈ ১৬গৰাকী লোক নিহত হয়৷ সেনাই উদ্ধাৰ কৰা বিস্ফোৰক নিষ্ক্রিয় কৰাৰ সময়তে এই ঘটনা সংঘটিত হয়৷

কান্দাহাৰত সন্ত্ৰাসবাদীয়ে বিস্ফোৰক ৰখাৰ খবৰ লাভ কৰে সেনাই৷ সেনাই অভিযান চলাই মঙলবাৰে আফগান সেনাবাহিনীয়ে বিস্ফোৰক নিষ্ক্রিয় কৰাৰ চেষ্টা চলাই৷ তেনে সময়তে বিস্ফোৰক খিনি বিস্ফোৰণ হৈ ১৬ গৰাকী লোকৰ মৃত্যু হয়৷ আহত হয় ৪০ গৰাকী লোক৷   

চৰকাৰৰ মুখপাত্ৰ দাউদ আহমাদিয়ে জানিবলৈ দি কয় নিহত ১৬জনৰ ভিতৰত ৪গৰাকী সেনা জোৱান৷ ঘৰ-বৰৰো ক্ষতি হয়৷ অধিক লোক মৃত্যু হোৱাৰ আশংকা কৰা হৈছে৷