আমেৰিকাৰ এটা গোপন ফাইল ডিক্লাছিফাই কৰাৰ পাছত এটা কথা পোহৰলৈ আহিল যে ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধত তদানিন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে পাক অধিকৃত কাশ্মীৰো মুক্ত কৰাৰ লগতে শত্ৰু দেশখনক টুকুৰা টুকুৰ কৰি তেনেই নিশকতীয়া কৰিব খুজিছিল।

কিন্তু ইন্দিৰা গান্ধীৰ কেবিনেটত থকা তিনিজন চি আই এৰ এজেন্টৰ বাবে এই পৰিকল্পনা ব্যৰ্থ হৈছিল। ইন্দিৰা গান্ধীয়ে কেবিনেটত যুদ্ধৰ আচল উদ্দেশ্য যে পাকিস্তানক চিৰদিনলৈ দুৰ্বল কৰি পাক অধিকৃত কাশ্মীৰ মুক্ত কৰাটোহে আছিল, সেই কথা প্ৰকাশ কৰিছিল।

সেই কথা আমেৰিকাই গম পাই পাকিস্তান ৰক্ষাৰ বাবে তেতিয়াৰ ভাৰতবন্ধু ছোভিয়েট-ৰুছিয়াক ভাবুকি দিয়াৰ লগতে চীনকো ভাৰতৰ বিৰুদ্ধে প্ৰৰোচিত কৰিছিল। এনে পাকচক্ৰত পৰিয়ে ইন্দিৰা গান্ধীয়ে যুদ্ধৰ সামৰণি মাৰিবলৈ বাধ্য হৈছিল।

গোপন ফাইলটো প্ৰকাশ কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতো ভাৰতৰ যি গোপন সূত্ৰৰপৰা ইন্দিৰা গান্ধীৰ প্ৰকৃত উদ্দেশ্য জানিব পাৰিছিল, সেই সূত্ৰ আঁৰ কৰিয়ে ৰখা হ'ল। তথাপি এজন আমেৰিকান সাংবাদিক ছেইমাৰ এম হাৰ্ছে (Seymour M Hersh) তেওঁৰ 'দ্য প্ৰাইচ অব পাৱাৰ' (The Price of Power) গ্ৰন্থত এই কথা প্ৰকাশ কৰিছে।

ইন্দিৰা গান্ধীৰ কেবিনেটৰ যি তিনিজন চি আই এৰ এজেন্টৰ কথা কোৱা হৈছে, তাৰে এজনৰ নাম শুনিলে আপোনাৰ চকু কপালত উঠিব, কাৰণ তেওঁ পৰৱৰ্তী সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল। অনুমান কৰিব পাৰিছেনে তেওঁ কোন? হয় আপুনি ঠিকেই ধৰিছে-তেওঁ আছিল মোৰাৰজী দেশাই। হাৰ্ছৰ বিৰুদ্ধে মোৰাৰজী দেশায়ে আমেৰিকাৰ আদালতত মানহানি মোকৰ্দমা তৰিছিল যদিয়ো নিজকে নিৰ্দোষ প্ৰমাণ কৰিব নোৱাৰি পৰাজিত হয়।

https://www.google.com/url…