গুৱাহাটীঃ কাৰ তেজ লাগে আপোনাক? হিন্দুৰ নে মুছলমানৰ? নে খ্ৰীষ্টানৰ তেজ লাগে আপোনাক? হিন্দু, মুছলমান বা খ্ৰীষ্টানৰ তেজ দিব পৰা নগ’লেও আপোনাক দিব পৰা যাব বড়ো তেজ। 

যদিহে আপোনাক বড়োৰ তেজ লাগে তেন্তে এতিয়াৰে পৰা ব্লাড বেংকৰ সৈতে আগতীয়াকৈ যোগাযোগ কৰিলে সেয়া সহজতে পাই যাব। বড়ো তেজ লাগিলে ব্লাড বেংকৰ পৰিৱৰ্তে ইচ্ছুকসকলে যোগাযোগ কৰিব পাৰে সদৌ বড়ো ছাত্ৰ সন্থা, এন ডি এফ বি প্ৰগতিশীল অথবা পিজেএচিবিএমৰ সৈতে।

তেজৰ কোনো ধৰ্ম নাই, নাই কোনো জাতি-বৰ্ণ। ৰক্তদান মহৎ দান। এতিয়ালৈকে সকলোৱে এনেদৰেই জানি আহিছিল। কিন্তু সেই পৰিভাষা যেন এতিয়া সলনি হ’ল। ৰক্তদানৰ দৰে মহৎ দানৰ সৈতেও জড়িত হৈ পৰিল স্বাৰ্থ। ৰক্তদানো হৈ পৰিল জাত-পাতৰ ৰাজনীতি সদৃশ। তেজৰ ওপৰত জোৰ-জুলুমকৈ জাপি দিয়া হ’ল ধৰ্ম, জাত-পাত। 

শেহতীয়াকৈ সকলোকে হতবাক কৰি কোকৰাঝাৰত নিৰ্ধাৰিত হৈছে তেজৰ জাত-পাত। ৰক্তদান শিবিৰত এনেদৰে তেজৰ জাত-পাত নিৰ্ধাৰণ হোৱা বিষয়টোৱে ভবাই তুলিছে সচেতন মহলক।

উল্লেখ্য যে এবছু আৰু আন দুটা সংগঠনৰ উদ্যোগত কোকৰাঝাৰৰ পৰা শোণিতপুৰলৈকে বিভিন্ন স্থানত এবছৰৰ ভিতৰত স্বেচ্ছামূলক ৰক্তদান কাৰ্যসূচীৰ জৰিয়তে ১০ হাজাৰ ইউনিট ৰক্ত সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ভলেণ্টেৰি ব্লাড ড’নৰছ এছ’চিয়েশ্যন, ঝাৰখণ্ডৰ সহযোগত গৰ্ভৱতী মহিলা, শিশু আৰু কৰ্কট ৰোগীসকলে যাতে প্ৰয়োজনৰ সময়ত তেজৰ অভাৱত ভুগিবলগীয়া নহয় তাৰ বাবে এই মহৎ কাৰ্যসূচী হাতত লৈছে সংগঠনকেইটাই।

কিন্তু এনে মহৎ কাৰ্যসূচীৰ মাজতে এতিয়া ইচ্ছাকৃতভাৱেই হওক বা অনিচ্ছাকৃতভাৱেই হওক আৰম্ভ হৈছে তেজৰ জাত-পাত নিৰ্ধাৰণ। এই অনুযায়ী ৰক্তদাঁতাসকলে দান কৰা ৰক্তৰ পেকেটত লগাই দিয়া হৈছে এখন বিশেষ ষ্টিকাৰ। উক্ত ষ্টিকাৰত স্পষ্টকৈ লিখি দিয়া হৈছে যে এই তেজ বড়োৰ তেজ। সংগ্ৰহ কৰা প্ৰতিটো পেকেটত লগোৱা ষ্টিকাৰত উল্লেখ আছে এইদৰে- From Bodos, With Love. Live and Let Live৷

ৰক্তদাঁতাৰ পৰা সংগ্ৰহ কৰা প্ৰতিটো পেকেটত এইদৰে বড়ো ষ্টিকাৰ লগাই তেজৰ জাত-পাত নিৰ্ধাৰণ কৰা কাৰ্যই সকলোকে হতবাক কৰি তুলিছে৷ বিশেষকৈ এই ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ পিছতে ভাইৰেল হৈ পৰাৰ লগতে সৃষ্টি হৈছে বিতৰ্কৰো৷  

‘ধৰা হ’ল, কোনো বড়ো লোকৰ সৈতে কোনো কথাক লৈ অবড়ো লোক এজনৰ কাজিয়া লাগিল৷ পিছত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’ল আৰু অবড়ো লোকজনক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হ’ল৷ চিকিৎসালয়ত তেজৰ প্ৰয়োজন হ’ল৷ তেনে সময়তে যদি পেকেটত বড়ো বুলি লিখা থকা তেজ দিয়াতো লোকজনৰ আত্মীয়ই প্ৰত্যক্ষ কৰে তেন্তে কেনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে, সেয়া ভাবিবলৈকো বেয়া লাগে৷’-তেজৰ পেকেটত বড়ো বুলি লিখা থকা বিষয়টো সন্দৰ্ভত এইদৰে মন্তব্য কৰে নাম প্ৰকাশত অনিচ্ছুক ফেচবুকৰ এটা আগশাৰীৰ ব্লাড ডনৰ গ্ৰুপৰ এজন সদস্যাই৷ 

আন এজন লোকে আকৌ এইবুলি উল্লেখ কৰিছে যে তেজৰ পেকটত ফ্ৰম বড়ো বুলি লিখিবলৈ আৰম্ভ কৰাৰ দৰে যদি বাকীসকলেও ফ্ৰম আহোম, ফ্ৰম কাৰ্বি, ফ্ৰম ডিমাছা, ফ্ৰম চুতীয়া, ফ্ৰম কলিতা, ফ্ৰম কোঁচ-ৰাজবংশী. ফ্ৰম সংখ্যালঘু, ফ্ৰম বঙালী, ফ্ৰম মটক, ফ্ৰম মৰাণ, ফ্ৰম মিছিং, ফ্ৰম ৰাভা আদি লিখিবলৈ লয় তেন্তে সমগ্ৰ পৃথিৱীতে ৰক্তদানৰ ক্ষেত্ৰত এক অশুভ পৰম্পৰা গঢ় লৈ উঠিব।

ইফালে তেজৰ পেকেটত লগোৱা ষ্টিকাৰত Live and Let Live বুলি উল্লেখ কৰাক লৈয়ো বহু লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ একাংশ লোকে এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াযোগে উল্লেখ কৰিছে যে উক্ত বাক্যশাৰী বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো আন্দোলনৰ শ্ল’গান হিচাপেহে ব্যৱহাৰ কৰিছিল৷ গতিকে ওপৰত সেয়া বড়োৰ তেজ বুলি উল্লেখ কৰি তলত বডোফাৰ উক্ত শ্ল’গানটো সন্নিবিষ্ট কৰাত ষ্টিকাৰটোৰ অৰ্থই সম্পূৰ্ণ পৃথক হৈ পৰিছে বুলিও মত প্ৰকাশ কৰিছে বহু লোকে৷ 

বিষয়টো সন্দৰ্ভত ব্লাড বেংকত কৰ্মৰত কৰ্মচাৰীসকলেও কিয় দৃষ্টি নিদিলে বুলিও প্ৰশ্ন কৰিছে একাংশ ৰক্তদাঁতাই৷ আজিৰ দিনটোত উক্ত কাৰ্যসূচীৰ অধীনত সংগ্ৰহ কৰা তেজৰ প্ৰতিটো পেকেটত লগোৱা হোৱা জাত-পাত সূচক ষ্টিকাৰটো সংশ্লিষ্ট ব্লাড বেংকসমূহে আঁতৰাই পেলোৱা উচিত বুলিও সচেতন লোকসকলে মন্তব্য কৰিছে৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো বিষয়টো সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰায়ে ৰক্তদান কৰি অহা বহু ৰক্তদাঁতাই।

জানিব পৰা মতে, উক্ত কাৰ্যসূচীৰ অধীনত আজি কোকৰাঝাৰ, বঙাইগাঁও, নলবাৰী, মঙলদৈ, ধুবুৰী আৰু তেজপুৰত বহু বড়ো লোকে স্বেচ্ছামূলকভাৱে ৰক্তদান কৰে৷ একেটা কাৰ্যসূচীৰ জৰিয়তে ২৪ এপ্ৰিলত কাজলগাঁৱত, ২৫ এপ্ৰিলত মুছলপুৰত, ২৬ এপ্ৰিলত ওদালগুৰিত আৰু ২৭ এপ্ৰিলত ঢেকীয়াজুলিত বহু বড়ো লোকে ৰক্তদান কৰিব।

• এনে ধৰণৰ অধিক বা-বাতৰিৰ বাবে Like কৰক ফেচবুক পেজ News Next One