www.newsnextone.com| কাৰ্বি আংলংঃ দেশত এতিয়া বিজেপিৰ দল আৰু চৰকাৰৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰিলেই সন্মুখীন হ’ব লাগিব ভাবুকিৰ৷ হয়, বিজেপিৰ শাসনকালত বৰ্তমান দেশত সাংবাদিকৰ বিৰুদ্ধে ভাবুকি তথা নীতিশিক্ষাৰ পাঠদান চলিছে৷ বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে কোনো সংবাদদাতাই যদি বাতৰি পৰিবেশন কৰে তেন্তে গেৰুৱা দলটোৰ কৰ্মকৰ্তাৰ দ্বাৰা তেওঁ বিভিন্ন ভাবুকি আৰু নিৰাপত্তাহীনতাৰ সন্মুখীন হোৱাতো এতিয়া স্বাভাৱিক ঘটনাত পৰিণত হৈছে৷ তেনে এক ঘটনাই সংঘটিত হৈছে পাহাৰীয়া জিলা কাৰ্বি আংলংত৷ 

ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ১১ ছেপ্তেম্বৰ ২০১৮ তাৰিখে অসমৰ এখন দৈনিক বাতৰি কাকত "পূৰ্বাঞ্চল প্ৰহৰী"ত বোকাজানৰ স্থানীয় সংবাদদাতা গণেশ পাছোৱানে শিক্ষাবিভাগৰ সদ্য অনুষ্ঠিত গুণোৎসৱত বিজেপি কৰ্মকৰ্তাৰ অংশগ্ৰহণকলৈ এটা বাতৰি পৰিবেশন কৰে আৰু সামাজিক মাধ্যম ফেচবুকত প্ৰকাশ কৰে৷ প্ৰকাশিত এই বাতৰিৰ গইনালৈ বাতৰি কাকতখনৰ স্থানীয় সংবাদদাতা গণেশ পাছোৱানক একাংশ লোকে নিজকে বিজেপিৰ দলীয় কৰ্মী বুলি উল্লেখ কৰি সামাজিক মাধ্যম ফেচবুক আৰু ফোনৰ যোগেদিও সংবাদদাতাজনক ভাবুকি মূলক তথা বিৰূপ মন্তব্য দি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷ 

সংবাদদাতা গণেশ পাছোৱানে বোকাজান প্ৰেছ ক্লাৱৰ সভাপতি আৰু যুটীয়া সম্পাদকক ঘটনা সম্পৰ্কত সবিশেষ অৱগত কৰাত বোকাজান প্ৰেছ ক্লাৱে জৰুৰীভাৱে এখন সাধাৰণ সভা অনুষ্ঠিত কৰে আৰু উক্ত কাৰ্যই সংবাদ মাধ্যম আৰু সংবাদদাতাৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা তথা অকাৰণত এক প্ৰতিকুল পৰিস্থিতিৰ সৃষ্টি কৰাৰ এক প্ৰচেষ্টা বুলি কয়৷

বোকাজান প্ৰেছ ক্লাৱৰ সভাপতি প্ৰকাশ গগৈৰ পৰিচালনাত শনিবাৰে প্ৰেছ ক্লাৱত জৰুৰীভাৱে অনুষ্ঠিত হোৱা সাধাৰণ সভাত সংবাদদাতা গণেশ পাছোৱানক সামাজিক মাধ্যমত আৰু টেলিফোনেৰে ভাবুকি প্ৰদান কৰা কাৰ্যক বোকাজান প্ৰেছ ক্লাৱে এক প্ৰস্তাৱ যোগে তীব্ৰ গৰিহণা দিয়ে৷ সামাজিক মাধ্যমত নিজকে বিজেপিৰ কৰ্মী হিচাবে পৰিচয় দি সংবাদদাতা গণেশ পাছোৱানক ভাবুকি আৰু বিৰূপ মন্তব্য প্ৰদান কৰা জয়ৰাম ৰায়, পাৰ্থ ভৌমিক, নৱপল্লৱ, গৌতম শইকীয়া, সৰুজ প্ৰসাদ, জ্ঞানদ্বীপ উপাধ্যায় আৰু চনু মেছ নামৰ লোককেইজনৰ সম্পৰ্কত বোকাজান ব্লক মণ্ডল বিজেপিয়ে বোকাজান প্ৰেছ ক্লাৱৰ কাষত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনোৱাৰ লগতে স্থিতি স্পষ্ট নকৰা পৰ্যন্ত বোকাজান প্ৰেছ ক্লাৱে বোকাজান বিধানসভা সমষ্টিত অনুষ্ঠিত বিজেপি দলৰ কোনো কাৰ্যসূচীত অংশগ্ৰহণ তথা বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্তৰে প্ৰস্তাৱ গ্ৰহণ কৰে৷

বোকাজান প্ৰেছ ক্লাৱৰ সভাপতি প্ৰকাশ গগৈৰ লগতে যুটীয়া সম্পাদক ৰুবুল দিহিঙ্গীয়া আৰু আনন্দ টেৰাংৰ স্বাক্ষৰ আৰু উক্ত প্ৰস্তাৱ সম্বলিত এক পত্ৰ বোকাজান মণ্ডল বিজেপিলৈ প্ৰেৰণ কৰাৰ লগতে পূব কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি-সম্পাদকলৈও প্ৰতিলিপি প্ৰেৰণ কৰে৷ উল্লেখযোগ্য যে অনাগত ভবিষ্যতত কোনো ৰাজনৈতিক দল তথা কৰ্মীয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদদাতা সকলক ভাবুকি তথা সন্মান লাঘৱ হোৱা কোনো মন্তব্য প্ৰদান কৰিলে তাক সহজভাৱে লোৱা নহব আৰু তাৰ প্ৰত্যুত্তৰ দিবলৈ বাধ্য হব বুলিও বোকাজান প্ৰেছ ক্লাৱে সকীয়াই দিয়ে৷