প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাইত দেওবাৰে সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড৷
ডিলাইৰ হাতুকা মেংকাৰা বস্তিৰ বাসিন্দা সুজাতা মিঞ্চক হত্যা কৰিলে তেওঁৰে স্বামী কামিল মিঞ্চে৷ ঘটনাৰ বিৱৰণী অনুসৰি, পুৱা ভাগতে দুয়ো ওলাই গৈছিল খেতি পথাৰলৈ আৰু বিয়লি প্ৰায় ৪ঃ৩০ বজাত পথাৰতে পত্নীক দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰে কামিল মিঞ্চে৷
মিঞ্চে নিজ পত্নীক মুখ, নাক, কাণ আৰু ডিঙিত দাৰে গুৰুতৰভাৱে আঘাত কৰি ঘটনাস্থলীৰপৰা পলায়ন কৰে৷
স্থানীয় ৰাইজে ঘটনাৰ বিষয়ে ডিলাই থানাৰ আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে সুজাতা মিঞ্চক খুব জটিল পৰিস্থিতিত চিকিৎসাৰ বাবে ডিফু অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে সুজাতা মিঞ্চক মৃত বুলি ঘোষণা কৰে৷
পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰি হত্যাকাৰী পলাতক কামিল মিঞ্চক গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷