♦ দলীয় সমৰ্থকৰ শক্তি প্ৰদৰ্শনেৰে তৎপৰ বিভিন্ন ৰাজনৈতিক দল

কাৰ্বি আংলং ব্যুৰ’: অহা ৮ জানুৱাৰীত অনুষ্ঠিতব্য কাৰ্বি আংলং জিলাৰ নগৰ সমিতিসমূহৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে শুকুৰবাৰে মনোনয়ন-পত্ৰ দাখিল কৰে৷ 

কংগ্ৰেছ, বি জে পিকে ধৰি বিভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থীসহ কৰ্মী-সমৰ্থকক লগত লৈ বোকাজান নগৰ সমিতিৰ কাৰ্যালয়ত বোকাজান নগৰ সমিতিৰ নিৰ্বাচনী ৰিটাৰ্ণিং বিষয়া খৰচিং টেৰাঙৰ হাতত মনোনয়ন-পত্ৰ দাখিল কৰে৷ 

বোকাজান নগৰৰ মুঠ সাতটাকৈ ৱাৰ্ডত এইবাৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসহ মুঠ ২০ জন প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰে৷

সেই অনুসৰি ১ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ দিপাংকৰ গগৈ, বি জে পিৰ শিল্পীশিখা চিৰিং দুৱৰী, আঞ্চলিক ৰাজনৈতিক দল এইচ এছ ডি চি দলৰ জালিৰাম টেৰণ আৰু এ এছ ডি চি দলৰ প্ৰাৰ্থী লং সিং ৰংহাং৷ 

২ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ বিষ্ণু নন্দী, বি জে পিৰ মিনু দাস৷ 

৩ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ ভাস্কৰ দাস, বি জে পিৰ বাবুল দাস আৰু নিৰ্দলীয় প্ৰাৰ্থী শ্যামল দাস৷ ৪ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ সুৰজিৎ দেৱ, বি জে পিৰ ৰজত দাস৷ 

৫ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ আনামুদ্দিন আলি, বি জে পিৰ বিনোদ কুমাৰ চাহ আৰু নিৰ্দলীয় প্ৰাৰ্থী অনিমেশ কৰ্মকাৰ৷

৬ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ নাজিম উদ্দিন, বি জে পিৰ ৰাজীৱ বৰ্দ্ধন আৰু নিৰ্দলীয় প্ৰাৰ্থী অম্বেশ্বৰ চেতিয়া৷ 

৭ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ জিতু কুমাৰ বৰুৱা, বি জে পিৰ সুন্দৰ ইংতি আৰু আঞ্চলিক ৰাজনৈতিক দল এ এছ ডি চি দলৰ অনুপ গগৈ৷ 

উল্লেখ্য যে ২৯ ডিচেম্বৰত মনোনয়ন-পত্ৰৰ পৰীক্ষাৰ কৰা হ’ব৷ ইপিনে ৩১ ডিচেম্বৰত মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰাৰ লগতে অন্তিম প্ৰাৰ্থীৰ তালিকা ঘোষণা তথা নিৰ্বাচনী প্ৰতীক চিহ্ন প্ৰদান কৰা হ’ব৷