71
কাৰ্বি আংলং ব্যুৰ’: অহা ৮ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পূব আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ নগৰ সমিতিসমূহৰ নিৰ্বাচনত জিলা দুখনৰ মুঠ ৯ খন নগৰ সমিতি ক্ৰমে ডিফু, বোকাজান, হাওৰাঘাট, বকলীয়া, লাংহিন, বৈঠালাংছু, হামৰেণ, ডকমকা আৰু ডংকামোকামৰ ভিতৰত বৈঠালাংছ’ আৰু লাংহিন নগৰ সমিতিয়ে পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰিব৷
নিৰ্বাচনক কেন্দ্ৰ কৰি জিলা দুখনৰ আন আন নগৰ সমিতিসমূহৰ দৰে বোকাজান নগৰ সমিতিতো তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷