কাৰ্বি আংলং ব্যুৰ': অহা ৮ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া পূব আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ নগৰ সমিতিসমূহৰ নিৰ্বাচনত জিলা দুখনৰ মুঠ ৯ খন নগৰ সমিতি ক্ৰমে ডিফু, বোকাজান, হাওৰাঘাট, বকলীয়া, লাংহিন, বৈঠালাংছু, হামৰেণ, ডকমকা আৰু ডংকামোকামৰ ভিতৰত বৈঠালাংছ' আৰু লাংহিন নগৰ সমিতিয়ে পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰিব৷

নিৰ্বাচনক কেন্দ্ৰ কৰি জিলা দুখনৰ আন আন নগৰ সমিতিসমূহৰ দৰে বোকাজান নগৰ সমিতিতো তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷

শুকুৰবাৰে দিনৰ প্ৰায় ১১:৩০ বজাৰপৰা বোকাজান নগৰ সমিতিৰ কাৰ্যালয়ত কংগ্ৰেছ, বি জে পি, এইচ এছ ডি চি, এ এছ ডি চিকে ধৰি নিৰ্দলীয় ২০ গৰাকী প্ৰাৰ্থীয়ে বোকাজান নগৰ সমিতিৰ নিৰ্বাচনী ৰিটাৰ্ণিং বিষয়া খৰছিং টেৰাঙৰ হাতত মনোনয়ন-পত্ৰ দাখিল কৰে৷

উল্লেখ্য যে বোকাজান নগৰ সমিতিৰ নিৰ্বাচনত ৭ টা ৱাৰ্ডত মুঠ ১৪ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰাৰ লগতে মুঠ ভোটাৰ ১৩,১৬০ গৰাকীৰ ভিতৰত ১ নং ৱাৰ্ডত ২ টা ভোট গ্ৰহণ কেন্দ্ৰত ২,০৩০ গৰাকী, ২ নং ৱাৰ্ডত ২ টা ভোট কেন্দ্ৰত ১,৩৭৪ গৰাকী, ৩ নং ৱাৰ্ডত ৩ টা ভোট গ্ৰহণ কেন্দ্ৰত ২,১৩০ গৰাকী, ৪ নং ৱাৰ্ডত ২টা ভোট গ্ৰহণ কেন্দ্ৰত ১,৪৫৬ গৰাকী, ৫ নং ৱাৰ্ডত ১টা ভোট গ্ৰহণ কেন্দ্ৰত ১,০৮০ গৰাকী, ৬ নং ৱাৰ্ডত ২টা ভোট গ্ৰহণ কেন্দ্ৰত ২,৭১৫ গৰাকী আৰু ৭ নং ৱাৰ্ডত ২টা ভোট গ্ৰহণ কেন্দ্ৰত ২,৩৭৫ গৰাকী ভোটাৰে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব৷

বোকাজান নগৰ সমিতিৰ আগন্তুক নিৰ্বাচন নিকা, সুস্থ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ সাংবাদিকসকলৰ লগতে সংশ্লিষ্ট সকলো পক্ষৰে সহায়-সহযোগিতা ৰিটাৰ্ণিং বিষয়া খৰছিং টেৰাঙে কামনা কৰিছে৷

উল্লেখ্য যে বোকাজান নগৰৰ মুঠ ১৩,১৬০ গৰাকী ভোটাৰে প্ৰাৰ্থীক অগ্ৰাধিকাৰ দি ভোটদান কৰিব নে দলীয় আৱেগক গুৰত্ব দি ভোটদান কৰিব সেইয়া ১০ জানুৱাৰীৰ ফলাফল ঘোষণাৰ সময়তহে স্পষ্ট হ'ব৷