পঞ্চায়ত নিৰ্বাচনৰ প্ৰিজাইডিং আৰু পুলিং বিষয়াৰ প্ৰশিক্ষণৰ সফল সমাপ্তি

Home ৰাজনীতিপঞ্চায়ত নিৰ্বাচনৰ প্ৰিজাইডিং আৰু পুলিং বিষয়াৰ প্ৰশিক্ষণৰ সফল সমাপ্তি

পঞ্চায়ত নিৰ্বাচনৰ প্ৰিজাইডিং আৰু পুলিং বিষয়াৰ প্ৰশিক্ষণৰ সফল সমাপ্তি

by News Desk
73 views
A+A-
Reset

কাজিৰঙাঃ বোকাখাত মহকুমা প্ৰশাসনে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে নিযুক্তি দিয়া প্ৰিজাইডিং আৰু পুলিং বিষয়াসকলৰ প্ৰশিক্ষণৰ বুধবাৰে সামৰণি পৰে৷ বোকাখাতৰ চি এন বি মহাবিদ্যালয়ত ১১, ১৮ আৰু ২৮ নৱেম্বৰত বোকাখাত মহকুমা কৃষি বিভাগৰ কৃষি উন্নয়ন বিষয়া হিমাংগ সোনোৱালৰ নেতৃত্বত ১৩ জনীয়া মুখ্য প্ৰশিক্ষকৰ এটি দলে দিয়া প্ৰশিক্ষণত প্ৰিজাইডিং আৰু পুলিং বিষয়াসকলক পঞ্চায়ত নিৰ্বাচনৰ জৰুৰী নিয়মাৱলী তথা নীতি-নিৰ্দেশনা সমূহৰ বিষয়ে বিশদ বিৱৰণ দাঙি ধৰা হয়৷ 

পঞ্চায়ত নিৰ্বাচনৰ ভোটদানৰ সময়চোৱাত যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰ প্ৰতি সতৰ্ক হ’বলৈ প্ৰশিক্ষণকালত সকলোকে আহ্বান জনোৱা হয়৷ মহকুমা প্ৰশাসনে পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন বিভাগৰ পৰা প্ৰায় এঘাৰশ বিষয়া-কৰ্মচাৰীক নিযুক্তি দিছে৷ ২০৩ টা ভোটদান কেন্দ্ৰৰ বাবে মুঠ ২২৩ গৰাকী প্ৰিজাইডিং বিষয়া নিযুক্তি দিয়া হৈছে৷ ইয়াৰে ২২ গৰাকী হৈছে মহিলা আৰু ২০১ গৰাকী হৈছে পুৰুষ প্ৰিজাইডিং বিষয়া৷ পঞ্চায়ত নিৰ্বাচনত নিযুক্তি লাভ কৰা সকলো বিষয়া কৰ্মচাৰীকে বোকাখাত মহকুমা প্ৰশাসনে নিষ্ঠা সহকাৰে নিজ-নিজ কৰ্তব্য পালন কৰিবলৈ আহ্বান জনাইছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0