newsnextone.com | নলবাৰীঃ ইতিহাস সম্বলিত গ্ৰন্থ, কবিতা, গল্প, সাধু, জীৱনী, উপন্যাস, ভ্ৰমণ কাহিনী, ৰস ৰচনা, কুইজ, অনুবাদমূলক সাহিত্য, গাইড বুক, কেৰিয়াৰ বুক আদি আপোনাৰ ঘৰত এনেই পৰি নষ্ট হ’ব ধৰিছে নেকি৷ যদি নেষ্ট হ’ব ধৰিছে তেন্তে নলবাৰী জিলাৰ চামতা আঞ্চলিক সাহিত্য সভাৰ সৈতে যোগােযোগ কৰক৷ চামতা আঞ্চলিক সাহিত্য সভাই আপোনাৰ পৰা গ্ৰন্থ সমূহ সংগ্ৰহ কৰিব৷ জ্ঞানৰ ভাণ্ডাৰ সমূহ সংৰক্ষণ কৰিব চামতা আঞ্চলিক সাহিত্য সভাই৷ যাৰ পৰা নতুন প্ৰজন্মই জ্ঞান আহৰণ কৰিব পাৰিব৷ কাৰোবাৰ জীৱনৰ বাবে গ্ৰন্থ বোৰ হৈ পৰিব অমূল্য সম্পদ৷

নৱ প্ৰজন্মক শিক্ষাৰ প্ৰতি ধাউতি বঢ়াবলৈ চামতা আঞ্চলিক সাহিত্য সভাই এই গ্ৰন্থ সমূহৰ দ্বাৰা গ্ৰন্থ পঢ়াৰ বিপ্লৱ আৰম্ভ কৰিব৷  জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰন্থ সংগ্ৰহ কৰাৰ চিন্তা চৰ্চা কৰিছে চামতা আঞ্চলিক সাহিত্য সভাই৷

ৰাইজৰ বিপুল সহাঁৰি লাভ কৰিবলৈ সক্ষম হোৱাত ইতিবাচক চিন্তা কৰিছে চামতা আঞ্চলিক সাহিত্য সভাই৷ নিজে লিখা গ্ৰন্থ, ঘৰত নষ্ট হ’ব ধৰা গ্ৰন্থসমূহ দান কৰিব পৰাৰ সুবিধা প্ৰদান কৰিছে চামতা আঞ্চলিক সাহিত্য সভাই৷ গ্ৰন্থ সমূহ সযতনে সুৰক্ষিত কৰাৰ বাবে চিন্তা চৰ্চা কৰিছে৷ একাডেমিক বুক, গল্প, কবিতা পুথি, উপন্যাস, গাইড বুক, কেৰিয়াৰ বুক, ধৰ্মীয় কিতাপ, পেচাদাৰী, স্কুল কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ পূৰণি প্ৰয়োজনীয় কিতাপ সমূহ, কাৰিকৰী, প্রবেশ পৰীক্ষাৰ সহায়ক গ্ৰন্থ আদি দান কৰি গ্ৰন্থসমূহৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে জ্ঞান আহৰণক সহায় কৰিব পাৰে।

তেনে এক মহৎ উদ্দেশ্যে নলবাৰীত চলিছে গ্ৰন্থ সংগ্ৰহ অভিযান৷ চামতা আঞ্চলিক সাহিত্য সভাই ১ জুলাইৰ পাৰ আৰম্ভ কৰা এই অভিযান ২৯ জুলাইলৈ চলিব। চামতা আঞ্চলিক সাহিত্য সভাৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মনৰ নেতৃত্বত চলা গ্ৰন্থ সংগ্ৰহ অভিযান কাৰ্যসূচীত ইতিমধ্যে কেইবাগৰাকী বিশিষ্ট লিখক-সাহিত্যিকে বহু সংখ্যক মূল্যবান গ্ৰন্থ সাহিত্য সভাক প্ৰদান কৰিছে। 

পশ্চিম নলবাৰী অঞ্চলৰ গামাৰিমুৰী গাঁৱৰ বাসিন্দা তথা বিশিষ্ট লিখক-সাহিত্যিক ড০ খগেন ডেকা, লিখক-সাহিত্যিক তথা উত্তৰ ধৰ্মপূৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভূৱনেশ্বৰ ডেকা, লিখক-প্ৰৱন্ধকাৰ চমতা নিবাসী তথা কামপীঠ কনিষ্ঠ মহাবিদ্যালয় প্ৰৱক্তা হৰ্ষমোহন শৰ্মাকে ধৰি কেইবাগৰাকী লোকে বহু গ্ৰন্থ সাহিত্য সভাক প্ৰদান কৰিছে। অহা ১৩ জুলাইত চামতাত এক গ্ৰন্থ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি চামতা আঞ্চলিক সাহিত্য সভাৰ সম্পাদকে জানিবলৈ দিয়ে।