বঢ়হমপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ'বই বুলি শিলচৰৰ ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰাৰ পাছতে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কি জাতীয় দল-সংগঠন, কি ৰাজনৈতিক দল সকলোতে এতিয়া তীব্ৰ জোকাৰণি। 

প্ৰধানমন্ত্ৰীৰ এই ঘোষণাত স্বয়ং বি জে পিৰো একাংশ নেতা-কৰ্মী ক্ষুণ্ণ হোৱা গেখা গৈছে। চাবুৱা সমষ্টিৰ বিধায়ক তথা বি জে পি নেতা বিনোদ হাজৰিকাই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে পদত্যাগ কৰিব বুলি  ৱাটএপ গ্ৰুপ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। 

এতিয়া নিজ দলৰে বিধায়কে বিধেয়কখন গৃহীত হ'লে পদত্যাগ কৰিম বুলি কোৱা পাছত বি জে পিৰ কেন্দ্ৰীয় নেতৃত্বৰ কি স্থিতি হয় সেয়া হ'ব লক্ষণীয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিলে যে হিন্দু বাংলাদেশীক তেওঁৰ চৰকাৰে নাগৰিকত্ব দিবই। একেখন মঞ্চত বহি থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাৰ্যতঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কথাত হাত চাপৰি বজাই সমৰ্থন কৰিলে।

এনে সময়ত নাগৰিকত্ব সংশোধনী গৃহীত হ'লে বি জে পিৰ বিধায়ক বিধায়ক বিনোদ হাজৰিকাই পদত্যাগ কৰিব বুলি ঘোষণা কৰিলে। সময়েহে ক'ব কোন কিমান জাতিপ্ৰেমী আৰু জাতিৰ বাবে কোনে কিমান ত্যাগ স্বীকাৰ কৰিব পাৰে।