ৰবীন মহন্ত, বৰহোলাঃ বৰহোলা নিবাসী বৰকছাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক শশী বৰাৰ কদেওবাৰে যোৰহাট মিছন হাস্পটালত সন্ধিয়া ৬৮ বছৰ বয়সত মৃত্যু হয়।
বৰাৰ মৃতদেহ বৰহোলাৰ নিজ গৃহ পোৱাৰ লগে লগে গুণমুগ্ধসকল সমবেত হৈ মৃতদেহ বৰকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ নিয়ে আৰু বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীসকলে শেষ শ্ৰদ্ধা নিবেদন কৰে।
ইয়াৰ পাছতে আঠখেলীয়া নামঘৰকে প্ৰমুখ্যে বহুতো অনুষ্ঠান-প্ৰতিষ্ঠানে বৰাৰ নিজ গৃহত শেষ শ্ৰদ্ধা নিবেদন কৰে। শিক্ষকতা কৰাৰ লগতে বৰাই সমাজৰ বিভিন্ন কামত সহযোগিতা কৰি আহিছিল। সদৌ চুতীয়া জাতি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দায়িত্ব গ্ৰহণ কৰা বৰা আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিৰ সদস্য আছিল।
বৰাৰ কাৰ্যকালতে বৰকছাৰী উচ্চ ইংৰাজী বিদ্যালয়খনি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নিত হৈছিল।এনে এজন ব্যক্তিৰ মৃত্যুত সমগ্ৰ বৰহোলা তথা আঠখেলীয়া অঞ্চল শোকগ্ৰস্ত হৈছে। বৰাই মৃত্যুৰ সময়ত নিজ মাতৃ, পত্নী, দুজন পুত্ৰ, এগৰাকী কন্যা, এগৰাকী পুত্ৰ বধু, এজন নাতিৰ লগতে বহুতো আত্মীয় স্বজনক এৰি থৈ গৈছে।