বৰনদ্দীঃ নলবাৰী জিলাৰ পূব নলবাৰীৰ ৰাজ কদমতল হাইস্কুলত দেওবাৰে নলবাৰী জিলা বি জে পিৰ নলবাৰী সমষ্টিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন অনুষ্ঠিত হয়। 

নলবাৰীৰ বি জে পি সভাপতি বনদ্বীপ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সন্মিলনখনত অংশগ্ৰহণ কৰে বি জে পিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকা, পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, ৰাজ্যিক বি জে পিৰ সম্পাদক দিলীপ শইকীয়া, নলবাৰী বিজিপিৰ প্ৰভাৰী জয়ন্ত শৰ্মাই৷