বৰনৰ্দ্দীঃ আগন্তুক দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ  কেইদিনমান বাকী থকাৰ সময়তে নলবাৰী বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত পথসভা কৰি বিজেপি আৰু চৰকাৰক তুলাধুনা দি মংগলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাই চলায় নিৰ্বাচনী প্ৰচৰ।

উল্লেখ্য যে, সমাগত লোকসভা নিৰ্বাচনক লৈ ৮ নং মংগলদৈ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে আটাইকেইটা ৰাজনৈতিক দলে।

আজি মংগলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাই বিশাল নিৰ্বাচনী সমদল উলিয়াই বিভিন্ন স্থানত পথসভা কৰি ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টা চলায়।

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক প্ৰদ্যুত ভূঞা, নলবাৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰ, কংগ্ৰেছৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক দিব্যজোতি হালৈ, ৰাতুল কলিতাকে ধৰি বহু কেইগৰাকী জিলা নেতৃবৃন্দ উপস্থিত থকা সভাকেইখনত ভাষণ প্ৰসংগত ভুবনেশ্বৰ কলিতাই বিজেপি চৰকাৰৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁলোকে ৰাইজক প্ৰতাৰণা কৰি মিছা কথা কৈ শাসনভাৰ চলাই আহিছে।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল নকৰিলে অসমীয়া জাতিৰ অস্তিত্ব বিপদাপন্ন হ’ব। অসমৰ ভাষা-সংস্কৃতি নাইকিয়া হৈ পৰিব। ভাৰতবৰ্ষৰ প্ৰতিজন ব্যক্তিকে পোন্ধৰ লাখকৈ টকা দিম বুলি কৈ, বছৰত দুই কোটি নিবনুৱাক চাকৰি দিম বুলি কৈ নৰেন্দ্ৰ মোডীয়ে জনতাক ঠগিলে বুলি তেওঁ ভাষণ প্ৰসংগত কয়।