দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰ অন্তৰ্গত ঘগ্ৰাপাৰৰ যুৱ মঞ্চৰ উদোগত  বুধবাৰে দিনযোৰা বৰ্ণিল কাৰ্যসূচীৰে ঘগ্ৰাপাৰস্থিত ডাকবঙলাত ৰঙালী বিহু সম্মিলনখনি অনুষ্ঠিত হয়।

এই উপলক্ষে পুৱা যুৱ মঞ্চৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ, ভেশচন, কুইজ প্ৰতিযোগিতাৰ পাছতে সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয়।

সন্ধিয়া ছয় বজাত মুকলি বিহুৰ মুখ্য দ্বাৰ উম্মোচনৰ পাছতে ৬.৩০ বজাত মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰা হয়।

সন্ধিয়া সাত বজাত জেং বিহু প্ৰদৰ্শনেৰে বিহু সন্ধিয়া মুকলি কৰা হয়। বিহু উদ্বোধন কৰে বিশিষ্ট শিল্পী কৈলাশ তালুকদাৰে।

উল্লেখ যে মুকলি বিহু প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ দহ হেজাৰ, দ্বিতীয় পুৰস্কাৰ আঠ হেজাৰ টকা।