দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ প্ৰৱল ইচ্ছা শক্তি আৰু একাগ্ৰতা থাকিলে দৰিদ্ৰতা কেতিয়াও উন্নতিৰ অন্তৰায় হ’ব নোৱাৰে। এই কথাষাৰকে  প্ৰমাণ  কৰি  দেখুৱালে  নলবাৰীৰ  এগৰাকী আৰ্থিকভাৱে অভাৱগ্ৰস্ত পৰিয়ালৰ শিক্ষাৰ্থীয়ে।

তীক্ষ্ণ  মেধা সম্পন্ন ছাত্ৰ হিৰক জ্যোতি শৰ্মাই সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ পৰীক্ষা ফলাফলত নলবাৰী চহৰৰ প্ৰগ্ৰেছিভ একাডেমিৰপৰা পৰীক্ষাত অৱতীৰ্ণ হৈ ৪০৫ নম্বৰ লাভ কৰি নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।

নলবাৰীৰ মালিকুছি নিবাসী বিপুল শৰ্মা আৰু কল্পনা দেৱীৰ পুত্ৰ হিৰক জ্যোতি শৰ্মাই তীব্ৰ আৰ্থিক দৈন্যক প্ৰত্যাহ্বান জনাই এই পৰীক্ষাত ৮১ শতাংশ নম্বৰ আঁজুৰি আনিবলৈ সক্ষম হৈছে। দেউতাক বিপুল শৰ্মাই কাঠ মিস্ত্ৰী কাম কৰি কোনোমতে পৰিয়ালটোক পোহপাল দি আছে। উৰুখা পঁজাৰ  বিছনাত পঢ়ি কঠোৰ সংগ্ৰামৰ মাজেৰে পুত্ৰ হিৰকে ফলাফলত এডুকেশ্বনত ৬৬, ল'জিকত ৯৪, ইংৰাজীত ৬৭, ৰাজনীতি বিজ্ঞানত ৮৯ আৰু অসমীয়াত ৮৯ নম্বৰ লাভ কৰে।

ভৱিষ্যতে প্ৰবক্তা হোৱাৰ মন পুহি ৰখা হিৰকে নলবাৰী কলেজত ইংৰাজী বিষয়ত মেজৰ লৈ স্নাতকৰ কলা শাখাত নামভৰ্তি কৰিব বুলি জানিব পৰা গৈছে। দৈন্যৰ মাজতে ফলাফলৰ বাবে পৰিয়ালটো মুখত হাঁহি-আনন্দ বিৰিঙি উঠাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে আনন্দ প্ৰকাশ কৰিছে।