বৰনদ্দীঃ সমাজ সুস্থ থাকিলেহে পৰিয়াল সুস্থ থাকিব। ভগৱানে সকলকে জ্ঞানীভাৱে জন্ম দিছে, কেৱল আমিহে ইয়াৰ বিকাশ সাধন কৰিব লাগিব। এই মন্তব্য বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ডঃ দয়ান্দ পাঠকৰ।

নলবাৰী জিলাৰ পূব নলবাৰী অঞ্চলিৰ পুৰণি শিক্ষানুষ্ঠান বালিকুচি মজলীয়া বিদ্যালয়ৰ প্ৰাংগনত ১০ নৱেম্বৰত অনুষ্ঠিত মিনা প্ৰভা দেৱী স্মাৰক বক্তৃতামালাৰ প্ৰথমলানি বক্তৃতানুষ্ঠানত উপস্থিত থাকি প্ৰাগজোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ দয়ানন্দ পাঠকে ভাষণ প্ৰসংগত কয় চৰকাৰে সম্প্ৰতি এডুকেশ্বনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা নাই। 

ভাষা-সংস্কৃতি আজিকালি কিছু ক্ষেত্ৰত হাইব্ৰীড হোৱা বুলি দোহাৰি তেওঁ কয়, সমাজত শিক্ষানুষ্ঠানৰ গুৰুত্ব অপৰিসীম। বিদ্যালয়সমূহ ঠিক থাকিলেহে সমাজ ঠিকে থাকিব। মিনাপ্ৰভা দেৱী ফাউডেশ্বনৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে নলবাৰীৰ অতিৰিক্ত উপায়ুক্ত উদয়াদিত্য গগৈয়ে। নবীন চন্দ্ৰ শৰ্মাই সঞ্চালনা কৰা উক্ত অনুষ্ঠানটোৰ আদৰণী ভাষণ পাঠ কৰে অধ্যাপক ডঃ বিকাশ ভৰ্গৱ শৰ্মাই। 

শিশুৰ বৌদ্বিক বিকাশ আৰু সৰ্বাংগীন উন্নতিৰ লক্ষ্যৰে আয়োজিত বক্তৃতা অনুষ্ঠানখনত বিশিষ্ট সমাজকৰ্মী যগেশ শৰ্মা, বালিকুচি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপক শৰ্মা, শিক্ষাবিদ প্ৰফুল্ল দাস, পৱিত্ৰ নাথ শৰ্মা, থানেশ্বৰ মেধি, ৰঞ্জিত কলিতা আদিয়ে ভাষণ প্ৰদান কৰে।