72
বৰপেটাঃ আগন্তুক লোকসভা নিৰ্বাচনক লৈ সমগ্ৰ দেশত বলবৎ কৰা হৈছে নিৰ্বাচনী আচৰণবিধি। চৰকাৰৰ সকলো পোষ্টাৰ আতৰোৱাৰ লগতে ক’তো যাতে কোনো মন্ত্ৰীৰ ফটো ছপা নহয় তাক লৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে নিৰ্বাচনী আয়োগে।
ইয়াৰ মাজতে বৰপেটা চহৰৰ ভি আই পি পথ সংলগ্ন এটা ব্যক্তিগত বিল্ডিংৰ ওপৰত বিজেপি দলৰ প্ৰচাৰ সম্বলিত এক বৃহৎ হৰ্ডিং আৰি থোৱা আছে। হৰ্ডিংখনত “গাঁৱে গাঁৱে বিদ্যুৎ, ঘৰে ঘৰে পোহৰ। আকৌ এবাৰ মোদী চৰকাৰ।” বুলি স্পষ্টভাৱে লিখা আছে।