বৰপেটাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে বৰপেটা ভ্ৰমণ কৰি জিলা বিজেপিৰ কাৰ্যালয়ত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় সৰ্বানন্দ সোণোৱাল৷ এই বৈঠকৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে সমাগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে অসমত এখনো আসন লাভ নকৰে৷
সমাগত লোকসভা নিৰ্বাচন সন্দৰ্ভত বিজেপি দলৰ কৰ্মীসকলৰ সৈতে অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ মত বিনিময়ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, সমাগত লোকসভাৰ নিৰ্বাচনত ৰাজ্যৰ ১৪ খন আসনৰ ১২ খন আসন বিজেপি আৰু মিত্ৰ দলে লাভ কৰিব৷ কংগ্ৰেছ ইউডিএফৰ মিত্ৰতাৰ প্ৰসংগত তেওঁ কয় যে, কংগ্ৰেছ দলে ইউডিএফ সৈতে মিত্ৰতা কৰিলেও দলটো শূন্যৰ ঘৰত থাকিব৷