বৰপেটাঃ যোৱা ১৮ মে’(শনিবাৰে) বাক্সা জিলাৰ অন্তৰ্গত হাউলীৰ ওচৰৰ ইটাৰভটা-হেলনাৰপাম গাঁৱত অৱস্থিত তথা বাক্সা জিলাৰ গোৱৰ্ধনা থানাৰ এলেকাধীন জামিয়া ইছলামিয়া ছালাফিয়া আৰবী কলেজৰ অধ্যক্ষক আটক কৰিছে বৰপেটা জিলাৰ আৰক্ষীয়ে৷ জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ সন্দেহত আটক হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় একাংশ লোকে। 

বৰপেটা জিলাৰ হাউলী, বৰপেটাৰোড, পাটাছাৰকুছি, গুৱাহাটী পানবাজাৰ আদি থানাত আৰক্ষীয়ে অধিক সোধা-পোচা কৰাৰ পিছত যোৱা কালি  পুনৰ হাউলীৰ আৰক্ষীয়ে অধ্যক্ষ নুৰুল ইছলাম নাদভীক বৰপেটা আদালতত হাজিৰ কৰাই যদিও পুনৰ ৪ দিনৰ বাবে নিজৰ জিম্মালৈ আনিছে।আৰক্ষীৰ জালত পৰা আৰবী কলেজৰ অধ্যক্ষক লৈ বাতৰি প্ৰচাৰ হোৱাৰ দিনৰে পৰাই বনজুঁইৰ দৰে চৌদিশে বিয়পি পৰাত উক্ত বাতৰিটো লৈ বৰপেটা আৰু বাক্সা জিলা দুখনত আজিও চেপা উত্তেজনা বিৰাজ কৰা পৰিলক্ষিত হৈছে। 

গোৱৰ্ধনা থানাৰ অন্তৰ্গত ইটাৰভিটাৰ হেলনাৰপাম গাঁৱৰ জামিয়া ইছলামিয়া ছালাফিয়া আৰবী কলেজৰ পৰিচালনা সমিতি সভাপতি জামাল উদ্দিন ছালাফীৰ পুত্ৰ ধৃত অধ্যক্ষ নুৰুল ইছলাম নাদভি। অধ্যক্ষ গৰাকীক আটকৰ কাৰণ সম্পৰ্কে এতিয়ালৈকে কোনো তথ্য জনোৱা নাই আৰক্ষীয়ে। বৰপেটাৰোড আৰক্ষী থানা, বৰপেটাৰ আৰক্ষী অধীক্ষকৰ লগতে আৰক্ষীৰ শীৰ্ষ বিষয়া¸ হাউলী থানাত জেৰা আৰু পৰ্যবেক্ষণ কৰি বাতৰি লেখা পৰলৈকে কি তথ্য উদ্ধাৰ কৰিছে জানিব পৰা হোৱা নায়৷

অধ্যক্ষ গৰাকী জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ সংবাদ মাধ্যম আৰু ব্যক্তি বিশেষে যদিও পৰৱৰ্তী সময়তহে জনা যাব অধ্যক্ষ গৰাকীক প্ৰকৃততে কিয় গ্ৰেপ্তাৰ কৰা হৈছে। বিশেষ সূত্ৰে জানিব পৰা গৈছে যে কলেজখনলৈ বাহিৰা ৰাষ্ট্ৰৰপৰা অহা মোটা অংকৰ ধন মাদ্ৰাছাত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ কিতাপ, ইফতাৰ খানা আৰু দুখীয়াৰ বাবে টিউৱেল বিতৰণৰ কাৰণে ‘হাৱালা’ৰ জৰিয়তে তিনিটা দৰ্খাস্তৰ বাবদ মুঠ ৮¸৪৫¸০০০ ধন সংগ্ৰহ কৰাৰ অপৰাধত তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে। 

ইতিমধ্যে আৰৱী কলেজৰ ধৃত অধ্যক্ষ নুৰুল ইছলাম নাদভিৰ বিৰুদ্ধে হাউলী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৬ ধাৰাত ২০৭/১৯ নম্বৰৰ এটি গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে। কলেজ পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধীক্ষক জামাল উদ্দিন ছালাফীয়ে কয় যে এই আৰবী কলেজখন সু-শিক্ষাৰ ঘাটিহে, সন্ত্ৰাসবাদ-মৌলবাদ বা জাহাদীৰ ঘাটি নহয় আৰু সেইবাবেই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মহমোহন সিং, অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী আনোৱাৰা টাইমুৰ, বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰী, প্ৰাক্তন মন্ত্ৰী ওৱাজেদ আলী চৌধুৰী আদি ব্যক্তিয়ে  কলেজখনলৈ ৰাজ-সাহাৰ্য্য আগবঢ়াই আহিছে। 

তেওঁ আহ্বান জনায় যে চৰকাৰৰ উচ্চ পদস্থ শীৰ্ষ বিষয়াৰ দ্বাৰা তদন্ত কৰি জেহাদীৰ লগত জড়িত থাকিলে আইনগত ব্যৱস্থা লবলৈ দাবী জনাই আৰু ভুল বাতৰি পৰিৱেশন কৰা সংবাদ মাধ্যমক প্ৰত্যাহ্বান জনোৱাৰ লগতে সঠিক তথ্যৰ ভিত্তিত বাতৰি পৰিৱেশন কৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনায়।