বৰপেটা: বৰপেটাৰ কিছুমান অঞ্চললৈ গ’লে পাকিস্তান সদৃশ যেন লাগে বুলি কোৱাতে ক্ষান্ত নাথাকি এইবাৰ জনিয়া-কলগাছিয়াত ৰমজানৰ নামত এমাহ দোকান-পোহাৰ বন্ধ ৰখা হয় বুলি আন এক বিতৰ্কিত মন্তব্য আগবঢ়াইছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে৷
বিজেপি নেতাগৰাকীৰ মতে বৰপেটা জিলাৰ মুছলমান অধ্যুষিত অঞ্চল জনীয়া-কলগাছিয়াক এতিয়াও অসমীয়া কৃষ্টি-সংস্কৃতিয়ে প্ৰভাৱিত কৰিব পৰা নাই৷ বৃহস্পতিবাৰে বৰপেটা জিলাৰ বহৰিত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশ লৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৰঞ্জিত দাসে৷