ডিজিটেল ডেস্কঃ কইনাৰ বয়স ৭১, দৰা আকৌ ১৬ বছৰীয়া। বয়সৰ এই ব্যৱধানক একাষৰীয়া কৰি বিবাহপাশত আৱদ্ধ হ'ল ইণ্ডোনেছিয়াৰ প্ৰেমিকযুগল।

পৰিয়াল আৰু গঞা বৰমূৰীয়াৰ ওজৰ-আপত্তিক আওকাণ কৰি দুয়ো অৱশেষত সংসাৰ তৰিলে। ভাৰস্তৰ সকলোৰে গালি-শপনিক অগ্ৰাহ্য কৰি প্ৰেমক স্বীকৃতি দিলে দুয়োজনে।

মাতৃসম প্ৰেমিকাৰে সংসাৰ তৰিবলৈ ব্যাকুল কিশোৰজনৰ নাম ছেলামত ৰিয়াধি। কুমলীয়া বয়সৰ বালকটিৰ নৱপৰিণীতা কইনাৰ নাম ৰোহায়া। ৭১ বছৰীয়া ন-কইনা ৰোহায়াৰ পূৰ্বে দুজনকৈ পতিৰে বিচ্ছেদ ঘটিছে।

পূৰ্বৰ পতিৰ ফালৰ পৰা তেওঁৰ আছে কেবাটিও সন্তান। প্ৰতিটোৰে বয়স আকৌ ছেলামততকৈ বেছি।
ইণ্ডোনেছিয়াৰ দক্ষিণ সুমাত্ৰা অঞ্চলৰ ছেলামতৰ পৰিয়ালৰ এই বিয়াত মুঠেও ন্মতি নাছিল।

পিছে ৰোহায়াক বিয়া পাতিবলৈ নিদিলে আপোনঘাতী হ'ব বুলি ঘোষণা কৰিলে তেওঁ। ফলত পৰিয়াল আৰু গঞাই বিবাহত সন্মতি দিবলৈ বাধ্য হ'ল। মনৰ দশা একেই কইনা ৰোহায়াৰো। পৰিয়ালৰ বাধা নেওচি তেওঁ বহিল বিয়াত।

দৰা ছেলামতৰ মতে প্ৰেয়সীৰ সান্নিধ্য লাভেই হৈছে তেওঁৰ বিয়াৰ উদ্দেশ্য। কিছুদিন পূৰ্বে মেলেৰিয়া হওঁতে ছেলামতক পৰিচৰ্যা কৰি সুস্থ কৰিছিল ৰোহায়াই। যাৰ বাবে তেওঁ ৰোহায়াৰ প্ৰতি আকৰ্ষিত হয়।