ৰঙিয়াঃ ৰঙিয়াত টিউশ্যনৰ পৰা ঘৰলৈ আহি থকা এগৰাকী কিশোৰীক এজন যুৱকে ধৰ্ষণৰ চেষ্টা চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে ৰঙিয়া তিনিআলিৰ এটি উপ-পথৰে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে টিউশ্যনৰ পৰা ঘৰলৈ আহি আছিল। সেই সময়তে ৰাজমিস্ত্ৰীৰ যোগালী হিচাপে কাম কৰা এজন যুৱকে নৱ নিৰ্মিত বিল্ডিং এটালৈ ছাত্ৰীগৰাকীক টানি নি ধৰ্ষণৰ চেষ্টা চলায়।

লগে লগে ছাত্ৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় ব্যক্তিসকলে যুৱকজনক উত্তম-মধ্যম শোধাই ৰঙিয়া আৰক্ষীক গতাই দিয়ে। নিজকে ৰঙিয়া মহকুমাৰ গুৰমৌৰ সমীপৰ চান্দমাৰীৰ তাজনুৰ আলী বুলি চিনাকি দিয়া যুৱকজনক আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে।

ইফালে ছাত্ৰীগৰাকীৰ পৰিয়ালে ৰঙিয়া আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে এটি গোচৰ ৰুজু কৰিছে। ৰঙিয়া বজৰংগ দলে ঘটনাক তীব্র ভাষাৰে গৰিহণা দি উচিত তদন্তৰ দাবী জনাইছে।