বঙাইগাঁওঃ গাড়ীৰ ভিতৰত পেট্ৰ'ল ঢালি প্ৰেমিকাৰ গাত অগ্নিসংযোগ প্ৰেমিকৰ। এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ মাণিকপুৰত।

প্ৰাপ্ত বাতৰি মতে, সোমবাৰে বিয়লি এখন ছিলভাৰ ৰঙৰ এল্টো ৮০০ গাড়ীত বৰপেটাৰ পৰা একেলগে আহিছিল এহাল যুবক-যুৱতী। যুৱক-যুৱতীহালৰ দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু কিছুদিন পূৰ্বে যুৱতীগৰাকীৰ অন্য এজন যুৱকৰ সৈতে বিয়া ঠিক হোৱাত ক্ষুব্ধ হৈ পৰে যুৱকজন।

ইয়াৰ মাজতে কথা পতাৰ চলেৰে যুৱতীগৰাকীক মাণিকপুৰলৈ লৈ আহে যুৱকজনে। হঠাতে মাণিকপুৰ চাৰিআলিৰ পশ্চিম দিশে ঘনশিমলা নামৰ ঠাইডোখৰত গাড়ী ৰখাই যুৱতীগৰাকীৰ গাত পেট্ৰ'ল ঢালি দি অগ্নিসংযোগ কৰে যুৱকজনে।

প্ৰেমিকৰ এনে কাৰ্যত হতভম্ব হৈ কোনোমতে, গাড়ীৰ পৰা ওলাই যুৱতীগৰাকীয়ে পথৰ দাঁতিৰ এটা পুখুৰীত জাপ দি আত্মৰক্ষা কৰে৷ ইফালে ঘটনা সংঘটিত কৰিয়েই ৩১ নং ৰাষ্ট্ৰীয় পথেৰে গাড়ীসহ পলায়ন কৰে নিষ্ঠুৰ প্ৰেমিকজন।

এই দৃশ্য প্ৰত্যক্ষ কৰি পথচাৰী আৰু স্থানীয় ৰাইজে ততাতৈয়াকৈ যুৱতীগৰাকীক  মাণিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় আৰক্ষীক খবৰ দিয়ে ৷ বৰ্তমান অগ্নিদগ্ধ অৱস্থাত চিকিৎসাধীন হৈ আছে যুৱতী ৷ 

আৰক্ষীয়ে যুৱকজনক বৰপেটা জিলাৰ হাউলীৰ সুমিত সাহা বুলি জানিবলৈ দিছে। ঘটনা সংক্ৰান্তত অধিক তথ্যৰ বাবে তদন্ত আৰম্ভ কৰিছে মাণিকপুৰ আৰক্ষীয়ে৷