কোকৰাঝাৰঃ ৰাজ্য চৰকাৰৰ অংশীদাৰ দুই মিত্ৰ দল অসম গণ পৰিষদ আৰু বিপিএফ দলৰ মাজত  আজি এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়৷ বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৰুদ্ধদ্বাৰ বৈঠকত  বিশেষকৈ বিটিএডি অঞ্চলত অগপ অাৰু বিপিএফ দলৰ মাজত সমন্বয়ৰে উন্নয়নমূলক কাম কাজ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দুই দলে সহমত ব্যক্ত কৰে। 

♦ নাথ যোগী ছাত্ৰ সন্থা, আগছুৰ সৈতেও আলোচনা হাগ্ৰামাৰ

বৈঠকৰ পিছতেই অগপৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত কয় যে বিপিএফ দলৰ সৈতে হোৱা বৈঠকত আগন্তুক পঞ্চায়ত নিৰ্বাচন নহয়; বৰঞ্চ দুই মিত্ৰ দলে বিটিএডি অঞ্চলত কেনেদৰে সহযোগিতাৰে উন্নয়নমূলক কাম কৰি যাব তাৰ ওপৰত হে আলোচনা কৰা হয়৷ তেওঁ বিজেপি নেতৃত্বাধীন ৰাজ্যৰ মিত্ৰ চৰকাৰখনে অতি সতৰ্কতাৰে এবছৰ পূৰ্ণ কৰা বুলি দোহাৰি শাসকীয় মিত্ৰ চৰকাৰে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যি পদক্ষেপ গ্ৰহণ কৰিছে  তাৰ ফলত যথেষ্ট পৰিমাণে দুৰ্নীতি হ্ৰাস পোৱা বুলি দাবী কৰে ৷

আজিৰ বৈঠকত বিটিএডি অঞ্চলত দুই মিত্ৰ দলে কেনেকৈ অনাগত দিনত উন্নয়নমূলক কাম কৰি যাব তাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় বুলি জানিবলৈ দিয়ে মন্ত্ৰী অতুল বৰাই৷ আনহাতে বৈঠকৰ পিছতে বিপিএফ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকৰ আগত কয় যে বিটিএডি অঞ্চলত বিগত দিনবোৰৰ নিৰ্বাচনত বিপিএফ দলক সহায় সহযোগ আগবঢ়োৱা অগপ কৰ্মী,নেতা সকলক বিটিচিৰ ভিচিডিচি আৰু উন্নয়ন বোৰ্ডৰ লগত চামিল কৰি যৌথভাৱে কাম কৰি যোৱাৰ বাবে সিদ্ধান্ত লোৱা বুলি সদৰী কৰে ৷

হাগ্ৰামা মহিলাৰীয়ে  অগপ আৰু বিপিএফ দলৰ মাজত অনুষ্ঠিত হোৱা আজিৰ বৈঠকত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বিষয়ে কোনো আলোচনা হোৱা নাই বুলি সাংবাদিকৰ আগত সদৰী কৰে৷ আজিৰ ৰুদ্ধদ্বাৰ বৈঠকত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক  ফণীভূষন চৌধুৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস বিধায়ক ক্ৰমে ৰবিৰাম নাৰ্জাৰী, ইমানুয়েল মুছাহাৰী, চন্দন ব্ৰহ্ম, উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীকে ধৰি দুই মিত্ৰ দলৰ কেবাগৰাকী নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

ইপিনে আজি বিপিএফ দলৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰস্থিত বড়োলেণ্ড অতিথিশালাত  বড়ো সাহিত্য সভা, চাওতাল সাহিত্য সভা, বেংগলী যুৱ ছাত্ৰ ফেডাৰেছন, এবিএমছু আৰু আগছু, নাথ যোগী ছাত্ৰ সন্থাকে ধৰি  আন কেইবাটাও দল সংগঠনৰ নেতৃবৃন্দৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হয় ৷ আলোচনাত তেওঁলোকৰ জাতীয় সমস্যাসমূহ সমাধান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে হাগ্ৰামা মহিলাৰীয়ে ৷