ওদালগুৰিঃ শুকুৰবাৰে ওদালগুৰি জিলাৰ হৰিশিঙাৰ মিনি ষ্টেডিয়ামত বিপিএফ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। আগন্তুক পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি অনুষ্ঠিত দলটোৰ স্থিতি তথা কৌশল সম্বন্ধে আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে। সভাত বিটিএডিৰ বিভিন্ন প্ৰান্তৰ বিপিএফৰ নেতা-কৰ্মী উপস্থিত থাকে৷
বিপিএফ নেতা তথা সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ২০০৩ চনৰ পিছত বিটিচি চৰকাৰখনে যিমানখিনি জাতি-জনগোষ্ঠীৰ লোকক নিযুক্তি দিছে সিমানখিনি নিযুক্তি অসম চৰকাৰেও দিব পৰা নাই বুলি কয়। সভাৰ অন্তত সাংবাদিকক সম্বোধন কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিপিএফ দলৰ স্থিতি সম্পৰ্কে আলোচনা কৰা হৈছে বুলি কয়।
বিটিএডি অঞ্চলৰ বাহিৰৰ কিমানবোৰ অঞ্চলত বিপিএফে প্ৰাৰ্থী নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰিব তথা আন অঞ্চলসমূহত মিত্ৰজোঁটৰ সৈতে সহযোগ কৰা সন্দৰ্ভতো আলোচনা কৰা হয়। অৱশ্যে বিহুৰ পূৰ্বেই এই সিদ্ধান্তসমূহ চূড়ান্ত কৰা হ’ব। ভূমি অধিকাৰ সন্দৰ্ভত বিটিচি অঞ্চলত চলি থকা ভুল বুজাবুজিৰ অন্ত পেলাবলৈ বিটিচি অঞ্চলৰ প্ৰতিখন চহৰতে জ্যেষ্ঠ নাগৰিকসকলৰ উপস্থিতিত একোখনকৈ সভা অনুষ্ঠিত কৰাৰ কথা তেওঁ জানিবলৈ দিয়ে।
মহিলাৰীয়ে ক, আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিটিচিৰ বাহিৰত বিপিএফৰ প্ৰাৰ্থী থিয় কৰাব দলটোৱে। কিছু এলেকাত মিত্ৰজোঁটক সমৰ্থন দিয়াৰ কথাও তেওঁ জানিবলৈ দিয়ে। আঞ্চলিক দলটোৱে ৰঙালী বিহুৰ প্ৰাকক্ষণত সকলো সিদ্ধান্ত চূড়ান্ত কৰিব। ইফালে বিটিচি পৰিষদীয় অঞ্চলত সমষ্টি বৃদ্ধি কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত বিটিচি প্ৰধানগৰাকীয়ে কয়, বিটিচি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত সমষ্টি ৪০টাৰ পৰিৱৰ্তে ৭০টালৈ বৃদ্ধি কৰাৰ বাবে প্ৰক্ৰিয়া অব্যাহত আছে।
সাধাৰণ শ্ৰেণীৰ বাবে সংৰক্ষিত সমষ্টি পাঁচটাৰ পৰা পোঁন্ধৰটালৈ বৃদ্ধি কৰা হ’ব। ইয়াৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন হ’ব। ইপিনে জনজাতি সুৰক্ষা সমিতিৰ নেতা জনকলাল বসুমতাৰীয় বিভিন্ন সময়ত প্ৰদান কৰি অহা বিতৰ্কিত মন্তব্য সন্দৰ্ভত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু সাংসদ বিশ্বজিত দৈমাৰীয়ে বিটিচি অঞ্চলত এনে নেতাসমূহ কোনো ফেক্টৰ নহয় বুলি কয়।
তেওঁলোকে পোহৰলৈ অহাৰ পৰিৱৰ্তে লুকাই লুকাই বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য দি অসমখন জ্বলোৱাৰ অহৰহ চেষ্টা কৰি আহিছে। কিন্তু জনকলালৰ দৰে তথাকথিত নেতাৰ ভাষ্য কোনো বড়ো লোকে গ্ৰহণ নকৰে। জনকলাল বসুমতাৰীৰ জ্ঞান সন্দৰ্ভত প্ৰশ্ন উত্থাপিত কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে। তেওঁক ভালদৰে চিনি নাপায় বুলিও সাংসদগৰাকীয়ে জানিবলৈ দিয়ে। এমুঠি জনজাতিৰ লোকৰ সৈতে নিজকে নেতা সজাই তেওঁ বিভিন্ন সময়ত মন্তব্য কৰি আহিছে বুলি কয় সাংসদ বিশ্বজিতে।
আনহাতে কোকৰাঝাৰৰ সাংসদ নৱকুমাৰ শৰণীয়াক কটাক্ষ কৰি বিশ্বজিৎ দৈমাৰীয়ে কয়, এসময়ত স্বাধীন অসমৰ নামত আন্দোলন কৰি বহু অসমীয়া ডেকাকশ্বহীদ বনালে শৰণীয়াই। ইয়াৰ পাছত একো নাপাই অৱশেষত সাংসদ হৈ বিটিচিখনকে ৭০-৩০ ভাগ কৰিবলৈ ওলাইছে। তেওঁ প্ৰশ্ন কৰে যে কিহৰ বাবে নৱকুমাৰ শৰণীয়াই আলফা ত্যাগ কৰিছিল।
সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কেতিয়া নৱকুমাৰ শৰণীয়াই বিপিএফত যোগদান কৰে সেয়া কোনেও নিশ্চয়তা প্ৰদান কৰা কৰিব নোৱাৰে বুলিও কয়। তেওঁৰ কোনো ধৰণৰ আদৰ্শ নাই। যদি মিত্ৰজোঁটৰ চৰকাৰখনে লোকসভা নিৰ্বাচনত নৱ শৰণীয়াক প্ৰাৰ্থীত্ব প্ৰদান কৰে তেন্তে বিপিএফে মিত্ৰতা ভংগৰ হুংকাৰ প্ৰদান কৰে।
ইয়াৰোপৰি বিটিচি অঞ্চলৰ কাৰ্যালয়ত ইংৰাজী, অসমীয়া আৰু বড়ো ভাষা বাধ্যতামূলক হ’ব বুলি ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে। সভাত মন্ত্ৰী ৰিহন দৈমাৰী, প্ৰমীলাৰাণী ব্ৰহ্ম উপস্থিত থাকে