গোলকগঞ্জঃ ধুবুৰী জিলাৰ বান পৰিস্থিতিৰ আজি কিছু উন্নত হৈছে যদিও এতিয়াও জিলাখনৰ ২৯৪ খন গাঁও প্লাৱিত হৈয়ে আছে। দেওবাৰে জিলা উপায়ূক্ত ধীৰাজ চৌধুৰীয়ে এখন সংবাদ মেলৰ এই কথা প্ৰকাশ কৰে যে চলিত মাহত হোৱা বানত জিলাখনত মূঠ ৪১৭ খন গাঁও আৰু ২ লাখ ৫৭ হাজাৰ জন বানৰ কবলত পৰিছে। 

বান পৰিস্থিতি কিছু উন্নত হোৱাত আশ্ৰয় শিবিৰৰ সংখ্যা ১১ টা পৰা ৯ টা হ্ৰাস কৰা হৈছে। ক্ষতিগ্ৰস্থ লোকসকলৰ সহায়ৰ বাবে এতিয়ালৈকে ৩১০৪ কুইন্টল চাউল, ৫৭১ কুইন্টল দাইল, ৩০৮ কুইন্টল নিমখ, ১২,০৩১ কুইন্টল আটা, ১১,৭০০ লিটাৰ মিঠাতেল, ৩৯ পেকেট শিশু খাদ্য আৰু ১১৫৭ খন টাৰ্পোলিন বিতৰণ কৰা হৈছে। 

ইয়াৰ উপৰিও বান পীড়িত লোক সকলৰ খোৱা পানীৰ সমস্য লাঘৱ কৰাৰ বাবে ১৯ টা দমকল বহোৱা হৈছে বুলিও জিলা উপায়ুক্ত গৰাকীয়ে  জানিবলৈ দিয়ে। জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ দ্বাৰা গাঁৱে গাঁৱে দমকল সমূহত বীজানুনাশক দ্ৰৱ মিহলোৱাৰ কাম পূৰ্ণ গতিত চলি আছে।

ধুবুৰী ব্ৰক্ষপুত্ৰৰ পানী এতিয়াও বিপদ সীমাৰ ৮০ ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে। চলিত বানত জিলাখনৰ ১০৩৬৭ হেক্টৰ কৃষিভূমি আৰু প্ৰায় ১ লাখ ২৫ হাজাৰ পশুধনো ক্ষতিগ্ৰস্থ হৈছে। বানত খহনীয়াই গুৰুত্বৰ ৰূপ ধাৰণ কৰি ১০৩৭ টা ঘৰ ধ্বংস কৰিছে বুলি জিলা প্ৰশাসন দাখিল কৰা তথ্য প্ৰকাশ।