শিলচৰঃ বৰাক উপত্যকাৰ কাছাৰ জিলাত মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ এমাহ পিছতে এখন দলং ভাগি পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ শিলচৰ-কালাইন পথৰ হাৰাং নৈৰ ওপৰৰ দলংখন ১ কোটি ৪০ লাখ টকাৰে মেৰামতি কৰা হৈছিল৷ মেৰামতিৰ তিনিদিন পিছতে শিলভৰ্তি ডাম্পাৰ পাৰ হোৱাৰ সময়তে ডাম্পাৰসহ নৈত ভাগি পৰে দলংখন।
মেৰামতিৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাত নৱনিৰ্মিত দলংখন নৈত ভাগি পৰাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে৷ দলংখন ভাগি পৰাত হাহাকাৰ লাগিছে কেইবাহাজাৰ লোকৰ৷ সীমান্তৱৰ্তী এলেকাৰ উক্ত দলংখনেই আছিল যাতায়াতৰ একমাত্ৰ সম্বল৷ কাছাৰ জিলাৰ বৰখলা বিধানসভা সমষ্টিৰ ভাঙৰপাৰত এমাহ পূৰ্বে প্ৰায় ১ কোটি ৩০ লাখ টকা ব্যয় কৰি দলংখনৰ মেৰামতি সম্পূৰ্ণ কৰা হৈছিল।