গুৱাহাটী/কোকৰাঝাৰঃ কৰ’নাক লৈ বিশ্বজুৰি আতংক আৰু সাৱধানতা অৱলন্বন কৰি থকাৰ সময়তে নিৰ্বাচন আয়োগে স্থগিত ৰাখিছে বিটিচি নিৰ্বাচনক। শুকুৰবাৰে এক সংবাদমেলযোগে নিৰ্বাচন স্থগিত ৰখাৰ কথা ঘোষণা কৰে ৰাজ্যিক নিৰ্বাচন আয়োগে। ৰাজ্যিক নিৰ্বাচনী আয়ুক্তই সংবাদমেলত কয় যে কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে। নিৰ্বাচন আকৌ কেতিয়াকৈ অনুষ্ঠিত কৰা হ’ব সেই কথা এতিয়াই ক’ব পৰা নাযাব বুলিও সংবাদমেলত সদৰী কৰে নিৰ্বাচনী আয়ুক্তগৰাকীয়ে।
আয়ুক্তগৰাকীয়ে আৰু কয় যে মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ যিসকলৰ মনোনয়ন বৈধ হৈছে সেইসকলৰ তালিকা শীঘ্ৰেই প্ৰকাশ কৰা হ’ব আৰু সেইসকল প্ৰাৰ্থীৰ মাজতে পৰৱৰ্তী সময়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। আয়োগৰ এই ঘোষণাৰ পিছত এতিয়া কোনো প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাতো অবৈধ হৈ পৰিব। আনহাতে নিৰ্বাচন আয়োগৰ এই ঘোষণাৰ ফলত এতিয়া বিটিএডি আঞ্চলত জনসমাগম বন্ধ কৰাৰ ক্ষেত্ৰত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণৰ পূৰ্ণ কৰ্তৃত্ব লাভ কৰিব জিলা প্ৰশাসনে।