ডিজিটেল ডেস্কঃ ৰাজস্থানৰ উপ-নিৰ্বাচনত আজমেৰ আৰু আলৱাৰ লোকসভাৰ দুখন আসন সহ মণ্ডলগড় বিধানসভাৰ আসনতো জয়ী হ’ল কংগ্ৰেছ৷ আগন্তুক বিধানসভা নিৰ্বাচনৰ কিছু মাহ বাকী থকাৰ সময়তে কংগ্ৰেছৰ এই জয় বসুন্ধৰা ৰাজে চৰকাৰৰ বাবে চিন্তাৰ কাৰন হৈ পৰিছে৷
উল্লেখ্য, উপ-নিৰ্বাচনৰ আগৰ পৰাই ৰাজস্থানত বতাহ অন্য দিশত বলাৰ ইংগিত পোৱা গৈছিল৷ আলৱাৰ আৰু আজমেৰ কেন্দ্ৰত সচিন পাইলটৰ আত্মবিশ্বাসী প্ৰচাৰৰ বাবে চাপত আছিল বিজেপি৷ আৰু নিৰ্বাচনৰ ফলাফলে সেই ইংগিতে স্পষ্ট হৈ পৰিল৷ লক্ষণীয় যে, যিসময়ত লোকসভাত থিয় হৈ দেশৰ বাবে জনমুখি বাজেট দাখিল কৰি আছিল বিত্তমন্ত্ৰী অৰুণ জেটলিয়ে, সেই দিনাই ৰাজস্থানত পৰাজয়ৰ মুখ দেখিবলগীয়া হ’ল বিজেপিয়ে৷
২৯ জানুৱাৰিত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল ৰাজস্থানৰ ৫ খন বিধানসভা কেন্দ্ৰত৷ আজমেৰ আৰু আলৱাৰ লোকসভাৰ আসন দখল কৰাৰ লগতে মণ্ডলগড় বিধানসভা কেন্দ্ৰতো বিজেপি প্ৰাৰ্থীক পৰাজিত কৰি কংগ্ৰেছ প্ৰাৰ্থীয়ে জয়ী হয়৷ ইফালে, পশ্চিমবংগৰ উলুবেৰিয়া লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীক বৃহৎ ব্যৱধানত পৰাজিত কৰাৰ লগতে নোৱাপাৰা বিধানসভা কেন্দ্ৰতো জয়ী হয় তৃণমূল কংগ্ৰেছ৷