newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৪ চনত বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠনৰ পিছৰে পৰা দেশখনৰ উপ-নিৰ্বাচনত বিজেপিয়ে প্ৰায়বোৰ আসনতে পৰাজয়ৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈ আহিছে৷
বৃহস্পতিবাৰে দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত হোৱা ৪ খন লোকসভা আৰু ১০ খন বিধানসভা আসনৰ উপ-নিৰ্বাচনত বিজেপি দল ১১ খন আসনতে শোচনীয়ভাৱে পৰাজিত হয়৷ আনহাতে, যোৱা মাহত সম্পন্ন হোৱা লোকসভা উপ-নিৰ্বাচনত বিজেপিয়ে সৰ্বমুঠ ৪ খন আসনৰ ২খন আসনতে পৰাস্ত হয়৷ আনহাতে বিজেপি বিজয় সাব্যস্ত হোৱা আসন দুখনৰ ভিতৰত এখনত বিজেপি প্ৰাৰ্থী জয়যুক্ত হোৱাৰ বিপৰীতে আনখনত সহযোগী দলৰ সহায় লবলৈ বাধ্য হয়৷