newsnextone.com | গুৱাহাটীঃ কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে অগপৰ সভাপতি অতুল বৰাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উল্লেখ কৰা হ’ব বুলি কৈ ধুমুহাৰ সৃষ্টি কৰা হ’ব কৈছিল সংবাদ মাধ্যমৰ সন্মুখত৷ অৱশেষত শুকুৰবাৰে কেবিনেট বৈঠক অনুষ্ঠিত হ’ল৷ কিন্তু মুখ্যমন্ত্ৰীৰ সন্মুখত তথা কেবিনেট বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন নকৰিলে যাৰ ফলত কেবিনেটত এই বিষয়ে আলোচনা কৰা নহ’ল৷ উল্লেখ্য যে কেবিনেটত বিষয়টো আলোচনা কৰিবলৈ পূৰ্বেই অগপৰ তিনি মন্ত্ৰীয়ে জনাব লাগিছিল যদিও জনোৱা নাছিল৷ 

কিন্তু উজনিৰ এগৰাকী অগপ নেতাই প্ৰকাশ কৰা মতে কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীৰ সন্মুখত বীৰত্ব দেখুৱাই টেবুলত ভুকুওৱা বুলি কৈ বীৰত্ব দেখুওৱা বুলি দাবী কৰে৷ নাগৰিকত্ব বিষয়টো বৈঠকত উল্লেখ কৰা বুলি কয় নেতাজনে৷ শুকুৰবাৰে তিনি মন্ত্ৰীয়ে কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীৰ সন্মুখতে টেবুলত ভুকুৱাই কথা কোৱা বুলি দাবী কৰে৷

যিয়ে নহওক কেবিনেটৰ এদিন পূৰ্বে নাগৰিকত্ব সংশোধনী সংশোধনী বিধেয়কৰ প্ৰসংগ কেবিনেটত উল্লেখ কৰাৰ কথা আছিল যদিও অৱশেষত বিষয়টো উত্থাপন নকৰিলে অগপই৷ শুকুৰবাৰে জনতা ভৱনত অনুষ্ঠিত হৈছিল কেবিনেট বৈঠক৷ বৈঠকত উপস্থিত আছিল অগপৰ তিনি মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা আৰু ফণি ভূষণ চোধুৰী৷ অসমৰ ৰাইজে বিচাৰিছিল অসম বিধান সভাত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰস্তাৱ লওক৷ 

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে থকা বিজেপিয়ে কেতিয়াও প্ৰস্তাৱ লোৱাটো দুৰৰ কথা কেবিনেটত এই সন্দৰ্ভত আলোচনা নকৰিবও পাৰে বুলি আশংকা কৰা হৈছিল৷ কিন্তু অসম আন্দোলনৰ ফলশ্ৰুতিত জন্ম লোৱা দল অসম গণ পৰিষদৰ তিনি মন্ত্ৰীয়ে শুকুৰবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে বৈঠকত আলোচনা কৰাৰ বাবে প্ৰসংটো উত্থাপন কৰিব বুলি ৰাজ্যবাসীয়ে আশা পুহি ৰাখিছিল৷ 

কিন্তু অগপৰ তিনি মন্ত্ৰীয়ে এই বিষয়ত বৈঠকত আলোচনা নকৰিলে৷ যাৰ ফলত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কেৱল মন্ত্ৰিত্বৰ বাবেই সৰ্বানন্দ সোণোৱালৰ সন্মুখত তিনি মন্ত্ৰীয়ে আত্মসমৰ্পণ কৰি আহিছে নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে৷ কেবিনেট বৈঠক সমাপ্ত হোৱাৰ অন্তত অগপৰ সভাপতি অতুল বৰাই কেবিনেট বৈঠক আৰম্ভ হোৱাৰ পূৰ্বেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিনি অগপৰ মন্ত্ৰীৰ সৈতে বহা বুলি কৈ মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সন্দৰ্ভত জানিব দিয়া বুলি কয়৷ 

অসমীয়াৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰা কোনো কাম নকৰো বুলি মুখ্যমন্ত্ৰীয়ে কোৱা বুলি কয়৷ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি অতুল বৰাই আশ্বস্ত হোৱা বুলি কয়৷ কিন্তু অগপ দলৰ কাৰ্যনিৰ্বাহকে কেবিনেটত হিন্দু বাংলাদেশী সংস্থাপনৰ বিষয়টো কেবিনেটত উত্থাপন কৰিবৰ বাবে পৰামৰ্শ পৰ্যন্ত দিছিল৷ দলক আওকান কৰি অগপৰ তিনি মন্ত্ৰীয়ে এই বিষয়টো কেবিনেটত উল্লেখ কৰিবলৈ সাহস নকৰিলে৷ কেবিনেট বৈঠকৰ পূৰ্বেই তিনিমন্ত্ৰীয়ে ছত্ৰভংগ দিলে বিষয়টোৰ পৰা৷ অসমীয়া জাতিৰ আবেগ অনুভূতিক বিসৰ্জন দি বৈঠকৰ পৰা ওলাই আহি মিত্ৰজোঁটৰ সমন্বয়ৰক্ষী সমিতিতহে বিষয়টো উত্থাপন কৰা হ’ব বুলি কয়৷ মুঠৰ ওপৰত কেবিনেট বৈঠকত এটা শব্দও নকলে অগপৰ নেতৃত্বই৷ 

এতিয়া প্ৰশ্ন হৈছে কালিলৈ ৰাজ্যত বিভিন্ন দল-সংগঠনে কৰি প্ৰতিবাদত অংশ লোৱাৰ আগতে উজনি-নামনিত খোদ অগপই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও কেবিনেট বৈঠকত এই প্ৰসংগত আলোচনা নকৰিলে অগপই৷ মন্ত্ৰিত্ব বাহিৰে আন একো কথা নাজেনে অগপৰ তিনি মন্ত্ৰীয়ে৷ অগপৰ নেতাৰ এতিয়া ক্ষমতাই শেষ কথা হৈ পৰিছে নেকি৷ মন্ত্ৰিত্বৰ বাবে সকলো বিষয়ত জলাঞ্জলি দিব পাৰে অগপৰ নেতাই৷ মন্ত্ৰী হৈ থকা স্বাৰ্থতে হয়তো নিশ্চুপ হৈ ওলাই আহিল অগপই৷ 

আনহাতে, মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড় জিলাৰ চাবুৱাত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত দল সংগঠনে শুকুৰবাৰে ৰূপায়ন কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি অগপৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি পোনাকণ বৰুৱাই তিনি মন্ত্ৰীয়ে কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীৰ সন্মুখতে টেবুলত ভুকুৱাই কথা কোৱা বুলি দাবী কৰে৷