ডিজিটেল ডেস্কঃ সোমবাৰে আবেলি হ’বলগীয়া পিপলচ্ ডেমক্ৰেটিক পাৰ্টি আৰু বিজেপিৰ মিত্ৰজোঁটৰ জম্মু-কাশ্মীৰ চৰকাৰখনৰ মন্ত্ৰীসভাৰ ৰদবদলত কাথুৱা কাণ্ডৰ প্ৰভাৱ পৰা বুলি অনুমান কৰা হৈছে। কাথুৱা কাণ্ডক লৈ মেহবুবা মুফটিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে তিঁতা-কেহা শুনি থাকিবলগীয়া হোৱাত আজিৰ ৰদবদলত নতুন মুখ পৰিচয় কৰোৱা হ’ব বুলি বিভিন্ন সংবাদমাধ্যমৰ পৰ্যালোচনাত প্ৰকাশ পাইছে।
তাৎপৰ্যপূৰ্ণভাৱে মন্ত্ৰীসভা ৰদবদলৰ পুৰ্বেই আজি আগবেলাৰ ভাগত উপমুখ্যমন্ত্ৰী নিৰ্মল সিঙে পদত্যাগ পত্ৰ দাখিল কৰে। ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ কবিন্দৰ গুপ্তাক তেওঁৰ স্থানত মোতায়েন কৰা হ’ব বুলি জানিব পৰা গৈছে।