ডিজিটেল ডেস্কঃ পৃথিৱীত ভিন্ন প্ৰজাতিৰ মানুহ আছে। সকলোৰে ধৰণ-কৰণ, খাদ্যাভ্যাস, পোচাক-পৰিচ্ছদ বেলেগ বেলেগ। আনকি এইখন পৃথিৱীতে দুখন ভৰি দুখন হাত থকা মানুহ ৰূপী দানৱো আছে। যিয়ে নিজ বৰ্গীয় সকলোৰে তেজ খায়। অৱশ্যে মকৰা আৰু কেকোঁৰাৰ কথা আপুনি নিশ্চয় জানে। ইহঁতে জন্মিয়ে হেনো মাকৰ বুকু আৰু পেট ফালি খায়। কিন্তু মানুহে মানুহৰ মঙহ কাটি খোৱা কথাটো শুনি আশ্চৰ্য্য নালাগেনে? সকলোৱে একে মুখে স্বীকাৰ কৰিব যে মানুহে মানুহৰ মঙহ খোৱাটো কেতিয়াও সাধাৰণ মানুহৰ লক্ষণ হ’ব নোৱাৰে৷ এয়া এক ঘৃণনীয় আৰু দানৱীয় কাণ্ড। 

কিন্তু ইতিহাস লুটিয়াই চালে এনে বহু ঘটনাই পোহৰলৈ আহে, য'ত মানুহে মানুহ খোৱাৰ অনেক উদাহৰণ আছে। যাক ইংৰাজীত কেনিবেলিজম আৰু নৰ ভক্ষণকাৰীক কেনিবেল বুলি কোৱা হয়৷ আদিম অৱস্থাত মানুহে হেনো ভোকৰ তাড়নাত মৃত মানুহৰ মঙহ জুইত সেকি খাই ভোক গুচাইছিল। ১৬শ শতিকাত বাৰ্জিনিয়া (বৰ্তমান ভাৰ্জিনিয়া)ৰ এখন যুদ্ধত বিধ্বস্ত মাউৰী সৈনিকে ভোকৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি যুদ্ধস্থলীৰ মৃত শত্ৰু সৈনিকৰ দেহৰ মাংস কাটি খাব লগাত পৰিছিল।

১৫৫৭ চনত ব্ৰাজিলৰ ফিলোডেলফিয়াৰ আমাণ্ডা অঞ্চলত মানুহেই মানুহৰ শৰীৰৰ অংগ জুইত সেকি খাইছিল। ১৯২০ চনতো এহাল ৰাছীয়ান দম্পতিক বজাৰত মানুহৰ শৰীৰৰ অংগ বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছিল। মেক্সিকোৰ জ'চ কালভা, স্পেইনৰ এন্ৰিকুৱেটা, কানাডাৰ ভিন্স ৱেগুৱাম, ৰাতু উদ্ৰে উদ্ৰে আদি নৰ ভক্ষণকাৰী সকলে আধুনিক যুগতো মানুহৰ মাংস ভক্ষণ কৰি দানবীয়তাৰ পৰিচয় দিছে৷ আনকি চীনৰ ফুলৱান হুং ফেলিনে নিজৰ পিতৃ-মাতৃক হত্যা কৰি তেওঁলোকৰ দেহ ভক্ষণ কৰি কেনিবেল হিচাপে ইতিহাসৰ পাতত নিজৰ নাম কলা আখৰেৰে লিখি গৈছে৷ 


  
কোনোদিনে যেন শেষ নহ’ব এই দানৱীয়তাৰ। ৰাচিয়াত পুনৰাবৃত্তি ঘটিছে মানুহে মানুহ খোৱাৰ এই ঘৃণনীয় কাণ্ডৰ। মছলা আৰু নিমখ দি মানুহৰ শৰীৰৰ বিভিন্ন অংগৰে আচাৰ বনাই ফ্ৰীজত ৰাখি সময়ে সময়ে কৰে ভক্ষণ কৰি আহিছে এহাল দানৱৰূপী দম্পত্তিয়ে। অকল ফ্ৰীজতেই নহয় বিভিন্ন কনটেইনাৰ আদিতো জমা কৰি ৰাখিছিল মানব দেহৰ মাংসৰ টুকুৰাবোৰ। ৰাচিয়াৰ ক্ৰাচনোদৰ অঞ্চলৰ এইহাল নৰভক্ষণকাৰী দম্পত্তি, যিয়ে যোৱা ১৮ বছৰ ধৰি ৩০ জন লোকক হত্যা কৰি ভক্ষণ কৰিছে মাংস। অকল ভক্ষণেই নহয় প্ৰত্যেকটো মৰাশৰ লগত চেলফি তুলি দানবীয়তাৰ পৰিচয় দিয়া এই দম্পত্তি হালৰ মোবাইলটো ভুল বশতঃ অইন ব্যক্তি এজনৰ হাতলৈ যোৱাতহে ফাদিল হয় যোৱা ১৮ বছৰীয়া এই ভয়ানক কু কাণ্ডৰ কথা।

ব্যক্তিজনে লগেলগে আৰক্ষীক খবৰ দিয়াত ততাতয়াকৈ গ্রেপ্তাৰ কৰে এই নৰভক্ষণকাৰী দম্পত্তি হালক। পাছত জেৰা কৰোতে সকলো কথা স্বীকাৰ কৰে এই নৰভক্ষী দমিত্ৰি বাকচেভ আৰু নাৰ্চ পত্নী নাটালীয়াই। ঘটনাস্থলীৰ পৰা ১৯ খন মানব ছাল আৰু দুৰ্ভগীয়া লোকসকলৰ পোচাক পাতিকে আদি কৰি বিভিন্ন সা সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

মনোৰোগ বিশেষজ্ঞৰ মতে কেনিবেলিজম এক মানসিক ৰোগ হয়ও নহয়ও৷  কেতিয়াবা ই এক ৰুচিত পৰিণত হৈ দানৱীয়তাৰ ৰূপ ধাৰণ কৰে৷ আনহাতে কেতিয়াবা এয়া এক সম্পূৰ্ণ মানসিক বিকৃতিৰ বাবেও সংঘটিত হয়৷ জাপানৰ এজন কাঠ মিস্ত্ৰীৰ দুৰ্ঘটনাত হাতৰ আঙুলি এটা চিঙি যোৱাত তেওঁ সেইটো লৈ আনি ৰান্ধি খাইছিল৷ তেও নিজেই কৈছিল- মই মানুহৰ মঙহ খাই কেনে লাগে সেয়া জুতি লৈ চাব বিচাৰিছিলো৷ আনহাতে মনোৰোগ বিশেষজ্ঞৰ মতে অধিক যৌন উত্তেজনাৰ বাবেও বহুতে বিপৰীত লিংগৰ দেহৰ মাংস ভক্ষণ কৰে৷ ইয়াক চেক্স কেলিবেলিজম বুলি কোৱা হয়৷ মেক্সিকোৰ জ'চ কালভাই ইয়াৰ বাবেই নিজৰ প্ৰেয়সীৰ শৰীৰ টুকুৰা টুকুৰকৈ কাটি ভক্ষণ কৰি থকা অৱস্থাত পুলিচৰ হাতত আটক হৈছিল৷

অকল বাহিৰৰ দেশবোৰতেই কেনিবেল বা কেনিবেলিজম আছে তেনে নহয়। ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশৰ অঘৰী সন্যাসী কিছুমানেও মানুহৰ মাংস ভক্ষণ কৰে বুলি জানিব পৰা যায়৷ আনহাতে উত্তৰ প্রদেশৰে নাছিম মিয়ান নামৰ এজন যুৱকে ছেক্স কেনিবেলিজমৰ স্বীকাৰ হৈ ৭ বছৰীয়া ল'ৰা এজনৰ মাংস ভক্ষণ কৰি থকা যুৱকজনৰ মাতৃয়ে প্ৰত্যক্ষ কৰিছিল৷ চিনেমাৰ জগততো এনে মানুহেই মানুহ খোৱাক লৈ বোলছবিও নিৰ্মান কৰা হৈছে। ১৯৭১ চনত ব্ৰাজিলত 'টুপি' ভাষাত মুক্তি পোৱা বোলছবি খনৰ নাম আছিল 'How Testy Was My Little Frenchman'।