ডিজিটেল ডেস্কঃ পৃথিৱীত ভিন্ন প্ৰজাতিৰ মানুহ আছে। সকলোৰে ধৰণ-কৰণ, খাদ্যাভ্যাস, পোচাক-পৰিচ্ছদ বেলেগ বেলেগ। আনকি এইখন পৃথিৱীতে দুখন ভৰি দুখন হাত থকা মানুহ ৰূপী দানৱো আছে। যিয়ে নিজ বৰ্গীয় সকলোৰে তেজ খায়। অৱশ্যে মকৰা আৰু কেকোঁৰাৰ কথা আপুনি নিশ্চয় জানে। ইহঁতে জন্মিয়ে হেনো মাকৰ বুকু আৰু পেট ফালি খায়। কিন্তু মানুহে মানুহৰ মঙহ কাটি খোৱা কথাটো শুনি আশ্চৰ্য্য নালাগেনে? সকলোৱে একে মুখে স্বীকাৰ কৰিব যে মানুহে মানুহৰ মঙহ খোৱাটো কেতিয়াও সাধাৰণ মানুহৰ লক্ষণ হ’ব নোৱাৰে৷ এয়া এক ঘৃণনীয় আৰু দানৱীয় কাণ্ড।
