ডিজিটেল ডেস্কঃ দিল্লী আৰক্ষীয়ে শুকুৰবাৰে প্ৰতিবাদ কৰিবলৈ ওলাই অহা জৱাহৰলাল নেহেৰু বিশ্বিবদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ছত্ৰভংগ দিয়াৰ উদ্দেশ্যে লাঠিচালনা কৰাৰ লগতে পানী নিক্ষেপ কৰাৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ছাত্ৰৰ লগতে ছাত্ৰীৰ দেহত পানী নিক্ষেপ আৰু লাঠি চালনা কৰাত চৰকাৰৰ বৰ্বৰতা ওলাই পৰিছে পৰিছে সমালোচনাৰ সন্মুখিন হৈছে চৰকাৰ৷
Journalists had heated argument with police outside Delhi Police HQ where they gathered in protest against alleged molestation of a woman journalist by Delhi Cantt SHO & manhandling of another journalist by police y'day. Protesters kept their cameras on ground as mark of protest. pic.twitter.com/DS43OuWXe7
— ANI (@ANI) March 24, 2018
জেএনইউৰ ছাত্ৰ আৰু শিক্ষকৰ উপস্থিতিৰ স্বাক্ষৰ বাধ্যতামূলক কৰাৰ দাবীৰ লগতে আন আন কেইবাটাও দাবীৰ সমৰ্থনত শুকুৰবাৰে উলিওৱা সমদল সংসদ ভৱনৰ সন্মুখলৈ যোৱাৰ কথা আছিল৷ কিন্তু দিল্লী আৰক্ষীয়ে আদবাটতে কোনো কাৰণ নোহোৱাকৈ বল প্ৰয়োগ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী, শিক্ষকক উত্তেজিত কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে জেএনইউৰ ছাত্ৰ একতা সভা আৰু শিক্ষক সংঘই৷
তাৰ মাজতে এগৰাকী মহিলা সাংবাদিকে আৰক্ষীয়ে দেহত ধৰি তাৰ পৰা আতৰি যাবলৈ কয় বুলি অভিোগ উত্থাপন কৰে৷ ইতিমধ্যে মহিলা সাংবাদিকগৰাকীয়ে সৰোজনী নগৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰে৷ আৰক্ষীয়ে এই ঘটনাক গুৰুত্ব সহকাৰে লোৱা বুলি কৈ ভিডিঅ’ ফুটেজ পৰীক্ষা কৰি থকা বুলি কয়৷ দিল্লী আৰক্ষীৰ সতৰ্কতা বিভাগে এই ঘটনাৰ তদন্ত কৰিব বুলি কয় আৰক্ষীয়ে৷
একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ কৰি আহি থকাৰ সময়ত এগৰাকী মহিলা সাংবাদিকক মহিলা আৰক্ষীয়ে মাৰধৰো কৰে৷ সাংবাদিকগৰাকীয়ে ভুল ঠাইত থিয় দি থকাৰ অভিযোগ উত্থাপন হয়৷ মহিলা ফটো সাংবাদিকগৰাকীয়ে এই অভিযোগ খণ্ডন কৰি তেওঁৰ কেমেৰা পৰ্যন্ত কাঢ়ি লৈ গৈছিল বুলি অভিযোগ উত্থাপন কৰে৷