পাতিয়ালাঃ পাতিয়ালৰ ৰাজপৰিয়ালৰ পুত্ৰ অমৰিন্দৰ সিঙে বৃৃহস্পতিবাৰে দিনৰ ১০ বাজি ঠিক ১৬ মিনিটত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। জ্যোতিষিৰ মতে হেনো সেয়াই শুভ সময় আছিল ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ। নবজোৎ সিং সিদ্ধু, মনপ্ৰীত বাদল আদিকে ধৰি মুঠ ৮ জন অইন মন্ত্ৰীয়েও আদি কেপ্টেইন সিঙৰ সৈতে একেলগে শপতগ্ৰহণ কৰে।

'পাঞ্জাৱত এতিয়া আটাইতকৈ ভয়ংকৰ সমস্যা হৈছে নিচাযুক্ত দ্ৰব্যৰ।’ এই মন্তব্য কৰা সিঙে উক্ত ব্যাধি দুৰ কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাব বুলি অংগাকাৰ কৰে। উল্লেখ্য যে এয়া দ্বিতীয়বাৰৰ বাবে সিঙ পাঞ্জাৱৰ মুখ্যমন্ত্ৰী হৈছে। ১১৭ আসনৰ পাঞ্জাৱত ৭৭ খন আসন দখল কৰা কেপ্টেইন সিঙে দেশৰ অৰ্থনৈতিক সংস্কাৰ কৰাৰ কথাও দোহাৰে।