কোকৰাঝাৰঃ ছ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰি কেবাজনো ব্যক্তি গ্ৰেপ্তাৰ হোৱাৰ পিছত এইবাৰ ইউপিপিএলৰ বৰ্তমানৰ সভাপতি তথা এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে ভুৱা তথ্য বিয়পোৱাৰ অভিযোগ তুলি কোকৰাঝাৰ সদৰ থানাত এক গোচৰ ৰজু কৰিছে জনৈক সুলেমান নাৰ্জাৰীয়ে। বড়ো ভাষাৰ স্থানীয় অনলাইন সংবাদ প্ৰতিষ্ঠান এটাৰ সৈতে হোৱা সাক্ষাৎকাৰত ভাৰতত ৩০ হাজাৰ কৰ’নাত আক্ৰান্ত লোক থকা বুলি কোৱা বাবেই ইউপিপিএলৰ নেতাজনৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰে লোকজনে।
কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ সুৰেন্দ্ৰপুৰ নিৱাসী সুলেমান নাৰ্জাৰীয়ে কোকৰাঝাৰ সদৰ থানাত দাখিল কৰা এজাহাৰ (গোচৰ নং ১৯২/২০২০)ত কোৱা হৈছে যে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে যোৱা ৫ এপ্ৰিলৰ দিনাখন বড়ো ভাষাৰ স্থানীয় অনলাইন সংবাদ প্ৰতিষ্ঠান এটাত ভাৰতত ৩০ হাজাৰ কৰ'না আক্ৰান্ত ৰোগী থকা বুলি ভুল তথ্য দিছিল আৰু সেয়া সংবাদ প্ৰতিষ্ঠানটোত অনলাইনযোগে প্ৰচাৰিত হৈছিল।
যি সময়ত ক’ভিড-১৯ক লৈ ভুল তথ্য, মন্তব্য প্ৰদান নকৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আহ্বান জনাই আহিছে তেনে সময়তে প্ৰমোদ বড়োৱে উক্ত মন্তব্য প্ৰকাশ কৰা বাবে জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এজাহাৰ দাখিল কৰা বুলি জনাইছে সুলেমান নাৰ্জাৰীয়ে। আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১৮২/৫০৫ মৰ্মে আৰু আইটি এক্টৰ ৬৬ ধাৰা মৰ্মে গোচৰ ৰজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে।
ইফালে, ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে উক্ত মন্তব্য সন্দৰ্ভত দুখ প্ৰকাশ কৰি সেয়া নিত্যান্তই জিভা পিছল খোৱা এক ঘটনা আছিল বুলি মন্তব্য কৰিছে। জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰি প্ৰমোদ বড়োৱে কয় যে তেওঁ ৩ হাজাৰ বুলি ক’ব বিচাৰিছিল যদিও জিভা পিছল খাই ভুলতে ৩০ হাজাৰ বুলি মুখেৰে ওলাই গৈছিল। ইতিমধ্যে উক্ত ঘটনা সন্দৰ্ভত নিজৰ অফিচিয়েল ফেচবুক পেজযোগে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছে ইউপিপিএলৰ নেতাজনে।