গুৱাহাটীঃ শুকুৰবাৰৰ পৰা দেশত নগদ ধনৰ অভাৱ দূৰ কৰা হ’ব৷ সমগ্ৰ দেশতে নগদ ধনৰ অভাৱ হোৱাৰ লগতে এটিএম খালি বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ পৰিচালক ৰজনীশ কুমাৰে নগদ ধনৰ অভাৱ দূৰ কৰা হ’ব বুলি কয়৷ যি কেইখন ৰাজ্যত নোটৰ অভাৱ হৈছে উক্ত ৰাজ্যত নগদ টকা পঠিয়াই দিয়া হৈছে বুলি কয় কুমাৰে৷
ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মতে, দেশৰ বজাৰত ৭০ হাজাৰ কোটি টকাৰ নগদ টকাৰ অভাৱ আছে৷ এটিএমৰ পৰা উলিওৱা পৰিমাণৰ এক তৃতীয়াংশ টকাৰ পৰিমাণ কম নগদ ধনৰ অভাৱ আছে দেশত৷ বজাৰত ২০০ টকাৰ নোটৰ প্ৰচলন বৃদ্ধি হোৱাৰ ফলত ২০০০ টকীয়া নোটৰ পৰিমাণৰ প্ৰচলন কম হৈছে বুলি কয়৷
আনহাতে নগদ জমা ৰখা ব্যৱসায় প্ৰতিষ্ঠানৰ বিৰুদ্ধে চৰকাৰে অভিযানো চলাই বুধবাৰে৷ অন্ধ্ৰপ্ৰদেশৰ কেইবাটাও ঠাইত অভিযান চলাই আইকৰ বিভাগে৷ নগদ ধনৰ অভাৱ দূৰ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে চৰকাৰে৷ চৰকাৰে ৫০০ টকীয়া নোট বৰ্তমানতকৈ দুগুণ বেছি ছপা কৰাৰ সিদ্ধান্ত লোৱাৰ কথা অৱগত কৰে কেন্দ্ৰীয় বিত্ত সচিব এছচি গৰ্গে৷ চৰকাৰে শীঘ্ৰে নগদৰ অভাৱ দূৰ কৰিব পৰা যাব বুলি আশা কৰে৷ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত নগদ ধনৰ অভাৱ বেছি বুলি জানিব পৰা গৈছে৷ দুয়ো ৰাজ্যত নিৰ্বাচনৰ বাবে একাংশ জমাখোৰে নগদ ধন জমা কৰি ৰখাৰ সন্দেহ কৰা হয়৷