ডিজিটেল ডেস্কঃ বহু চৰ্চিত চি বি আইৰ সঞ্চালক পদত আই পি এচ বিষয়া ৰাকেশ আস্থানা৷ দেওবাৰে এই ঘোষনা কৰে মন্ত্ৰী সভাৰ নিয়োগ সমিতিয়ে৷ বৰ্তমান চি বি আইৰ অতিৰিক্ত সঞ্চালক পদত অধিষ্ঠিত হৈ থকা ১৯৮৪ৰ গুজৰাট কেডাৰৰ আই পি এচ ৰাকেশ আস্থানাক কেন্দ্ৰীয় চৰকাৰে নিয়োগ কৰে সঞ্চালক পদত৷

বৰ্তমানৰ সঞ্চালক আলোক বাৰ্মাৰ পিছত জ্যেষ্ঠ ৰাকেশ আস্থানা৷ আস্থানাই আগাষ্টা ৱেষ্টলেণ্ড চপাৰ কেলেংকাৰী, দিল্লী চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আদিৰ লগতে বহু গুৰুত্বপূৰ্ণ তদন্তৰ নেতৃত্ব দিছিল৷ আস্থানাৰ লগতে ১৯৪৮ চনৰ আৰু আঠগৰাকী আই পি এছ বিষয়াক একেলগে কেন্দ্ৰীয় সংস্থা তথা কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ বিশেষ সঞ্চালকৰ পদলৈ উন্নীত কৰে৷

ইয়াৰ ভিতৰত দিপৰ কুমাৰ মিশ্ৰক চি আৰ পি এফৰ ডি জি হিচাপে, ইন্টেলিজেঞ্চ ব্যুৰ’ৰ অতিৰিক্ত সঞ্চালক ওড়িশা কেডাৰৰ আই পি এচ গুৰু চৰণ সিঙক ইন্টেলিজেঞ্চ ব্যুৰ’ৰ বিশেষ সঞ্চালক নিযুক্তি দিয়া হয়৷