ডিজিটেল ডেস্কঃ চিবিএচছি-ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক সু-খবৰ৷ পুনৰ অনুষ্ঠিত হ’ব দশম আৰু দ্বাদশ শ্ৰেণীৰ ফাদিল হোৱা প্ৰশ্নকাকতৰ পৰীক্ষা৷ বুধবাৰে চি বি এচ ছিয়ে দুখন কাকতৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে৷ দশম শ্ৰেণীৰ গণিত আৰু দ্বাদশ শ্ৰেণীৰ অৰ্থবিজ্ঞান কাকতৰ পৰীক্ষাৰ দিন বৰ্তমানলৈ ঘোষিত হোৱা নাই৷ এক সপ্তাহৰ ভিতৰতে ৱেৱচাইটৰ জৰিয়তে ঘোষণা কৰাৰ কথা জানিবলৈ দিয়ে চিবিএচছিয়ে৷ 

উল্লেখ্য যে চিবিএচছি-ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰ প্ৰচাৰ হৈছিল ছচিয়েল মিডিয়াত। ছচিয়েল মিডিয়াত একাংশ লোকে প্ৰশ্নকাকত শ্বেয়াৰ কৰাৰ পিছত এই খবৰ পোহৰলৈ আহে৷ দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ চিচোড়িয়াই হোৱাটছএপৰ জৰিয়তে কাকত প্ৰচাৰ হোৱাৰ কথা স্পষ্ট কৰিছিল৷ 

আৰক্ষীয়ে বৰ্তমানেও প্ৰশ্নকাকত ফাদিল হোৱা বিষয় সন্দৰ্ভত তদন্ত চলাই আছে৷ সংবাদদাতাৰ এক প্ৰতিবেদন অনুসৰি পৰীক্ষাৰ পদ্ধতিক দোষমুক্ত কৰি ৰাখিবৰ বাবেই বৰ্ডে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷   

গত বৰ্ষৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা আৰম্ভ হৈছিল ৫ মাৰ্চৰ পৰা৷ এইবাৰ দেশজুৰি ২৮ লাখ, ২৪ হাজাৰ, ৭৩৪ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে৷ ইয়াৰ ভিতৰত দশম শ্ৰেণীৰ পৰীক্ষাত ১৬ লাখ, ৩৮ হাজাৰ, ৪২৮ গৰাকীয়ে অৱতীৰ্ণ হোৱাৰ লগতে দ্বাদশ শ্ৰেণীত ১১ লাখ, ৮৬ হাজাৰ, ৩০৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে৷