48
চামগুৰিঃ লোকসভা নিৰ্বাচন সমাগত। প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই ভোট ভিক্ষা মগাত ব্যস্ত বিভিন্ন ৰাজনৈতিক দল, ব্যস্ত সম্ভাব্য প্ৰাৰ্থীসকল। নিৰ্বাচনলৈ মাজত মাথো এটা মাহ বাকী থকা অৱস্থাত পুনৰ কলিয়াবৰ লোকসভা সমষ্টি নিজৰ দখলত ৰখাৰ চেষ্টাৰে সাংসদ গৌৰৱ গগৈয়ে সোমবাৰে ৰূপহীহাট সমষ্টিত ৰূপহীহাট ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত দুখনকৈ কৰ্মী সভাত অ গ প আৰু বি জে পিক ক্ষুৰধাৰ সমালোচনা কৰে।
নগাঁৱৰ ৰূপহীহাটত সোমবাৰে বিয়লি অনুষ্ঠিত হয় কংগ্ৰেছৰ এখন কৰ্মী সভা।