চামগুৰিঃ লোকসভা নিৰ্বাচন সমাগত। প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই ভোট ভিক্ষা মগাত ব্যস্ত বিভিন্ন ৰাজনৈতিক দল, ব্যস্ত সম্ভাব্য প্ৰাৰ্থীসকল। নিৰ্বাচনলৈ মাজত মাথো এটা মাহ বাকী থকা অৱস্থাত পুনৰ কলিয়াবৰ লোকসভা সমষ্টি নিজৰ দখলত ৰখাৰ চেষ্টাৰে সাংসদ গৌৰৱ গগৈয়ে সোমবাৰে ৰূপহীহাট সমষ্টিত ৰূপহীহাট ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত দুখনকৈ কৰ্মী সভাত অ গ প আৰু বি জে পিক ক্ষুৰধাৰ সমালোচনা কৰে।

নগাঁৱৰ ৰূপহীহাটত সোমবাৰে বিয়লি অনুষ্ঠিত হয় কংগ্ৰেছৰ এখন কৰ্মী সভা।

ৰূপহী ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল জলিলৰ সভাপতিত্বত অনুষ্ঠিত সভাত সাংসদ গৰাকীয়ে বৰ্তমানেও অ গ প আৰু বি জে পিৰ মাজত গোপন বুজাবুজি আছে বুলি মন্তব্য কৰে।
সাংসদ গৰাকীৰ কয় যে অ গ প‌ই এখন নাটক ৰচিছে। অসমৰ ৰাইজে বুজিবলৈ আৰু বাকী নাই৷ পদত্যাগো অ গ পৰ এখন নাটক৷

সাংসদ গৌৰৱে হিমন্তকো কটাক্ষ কৰি কয়, হিমন্তই ভাৰতৰ ইতিহাস নাজানে৷

AUIDF আৰু BJP-ৰ মাজতো গোপন বুজা বুজি আছে, মন্তব্য গৌৰৱ গগৈৰ।