newsnextone.com | ডিজিটেল ডেস্কঃ সমগ্ৰ দেশ জুৰি অভাৱনীয় হাৰত বৃদ্ধি পাইছে পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য৷ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ অন্ত পৰাৰ পিছৰে পৰা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে পেট্ৰল-ডিজেলৰ দাম৷ যাৰ ফলত সাধাৰণ মধ্যবিত্ত শ্ৰেণী বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে৷ সমগ্ৰ দেশ জুৰি পেট্ৰলৰ মূল্যই ৮০ৰ ঘৰ ছোৱা পৰিলক্ষিত হৈছে৷ তাৰ বিপৰীতে ডিজেলৰ মূল্যও দ্ৰুতগতিত বৃদ্ধি পাইছে৷

দেশত পেট্ৰলিয়াম সামগ্ৰীৰ মূল্যবৃদ্ধিৰ জুইকুৰা দাউদাউকৈ জ্বলি উঠা সময়তে বুধবাৰে এটি বিস্ফোৰক মন্তব্য কৰে কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমে৷

কেন্দ্ৰীয় বিজেপি চৰকাৰক তীক্ষ্ন সমালোচনা কৰি প্ৰাক্তন বিত্ত মন্ত্ৰী গৰাকীয়ে কয় যে যদি কেন্দ্ৰীয় চৰকাৰে ইচ্ছা কৰে তেন্তে পেট্ৰল মূল্য ২৫ টকা পৰ্যন্ত হ্ৰাস কৰিব পাৰে৷ কিন্তু চৰকাৰে ইচ্ছা কৰিয়েই পেট্ৰলৰ দাম কমোৱা নাই বুলিও অভিযোগ কৰে পি চিদাম্বৰমে৷


আনহাতে প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে এক টুইট যোগে দাবী কৰি কয়, চৰকাৰে সাধাৰণ মানুঙক ঠগি আছে৷ চৰকাৰে প্ৰতি লিটাৰ তেলত ২৫ টকা হ্ৰাস কৰিব পাৰে যদিও কিন্তু ১ বা ২ টকাতকৈ বেছি চৰকাৰে নকমায়৷ উল্লেখ্য যে, বুধবাৰে দেশৰ কেইবাখনো চহৰত পেট্ৰলৰ মূল্য পুনৰ ৩১ পইচাকৈ বৃদ্ধি কৰাৰ পৰিৱৰ্তে ডিজেলত ২৭ পইচা বৃদ্ধি কৰা হয়৷ বুধবাৰে গুৱাহাটীত পেট্ৰল ৭৯.৩৪ টকা আৰু ডিজেল ৭১.৩৪ টকা বিক্ৰী হোৱা দেখা যায়৷

চিদাম্বৰমে পুনৰ কয় যে অপৰিশোধিত তেলৰ মূল্য হ্ৰাস কৰি চৰকাৰে প্ৰতি লিটাৰত ১৫ টকা লাভ কৰি আছে৷ আনফালে পেট্ৰলৰ মূল্য বৃদ্ধি কৰি তৈল সংস্থা সমূহৰ পৰা প্ৰতি লিটাৰত ১্০ টকা কৰ আদায় কৰি আছে বুলিও দাবী কৰে প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে৷