
নতুন দিল্লী: সংশোধিত ৱাকফ আইন ২০২৫ৰ সাংবিধানিক বৈধতাক লৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা একাধিক আবেদনৰ আজি শুনানি গ্ৰহণ কৰে সৰ্বোচ্চ আদালতে। হাই ভল্টেজ এই শুনানিৰ ওপৰত সমগ্ৰ দেশে চকু ৰাখিছিল আজি। অৱশ্যে কোনো সিদ্ধান্ত নোহোৱাকৈয়ে অন্ত পৰে আজিৰ শুনানিৰ। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত গঠিত বিচাৰপীঠে কেন্দ্ৰৰ আবেদন মানি লৈ সংশোধিত আইনখনৰ কোনো ধাৰাত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰে।
আদালতে কয় যে বিশদ শুনানি আৰু পৰীক্ষাৰ অন্ততহে ৱাকফ আইন সন্দৰ্ভত চূড়ান্ত নিৰ্দেশনা জাৰি কৰা হ’ব। ফলত এই গোচৰৰ পৰৱৰ্তী শুনানি ১৫ মে’ত ধাৰ্য কৰা হৈছে। লক্ষ্যণীয় যে, এই গোচৰৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত গঠিত বিচাৰপীঠে। আজি সংক্ষিপ্ত শুনানিত মুখ্য ন্যায়াধীশ খান্নাই স্পষ্ট কৰি দিয়ে যে, "মই কোনো ৰায় বা অন্তৱৰ্তীকালীন আদেশ দিব বিচৰা নাই।
উপযুক্ত সময়ত গোচৰটোৰ বিতং শুনানি হ'ব। মই ১৩ মে'ত অৱসৰ ল'ম, গতিকে মই ন্যায়াধীশ গাভাইৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰিছো।" প্ৰণিধানযোগ্য যে, ৮ এপ্ৰিলত সংসদৰ দুয়োখন সদনে গৃহীত হোৱা ৱাকফ সংশোধনী বিধেয়কখন ৰাষ্ট্ৰপতিৰ স্বাক্ষৰত আইনত পৰিণত হৈছিল। কিন্তু এই আইনখনৰ সাংবিধানিক বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত একাধিক গোচৰ ৰুজু হৈছিল। ২৫ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰে এই গোচৰৰ শপতনামা দাখিল কৰি বিবৃতি দাখিল কৰে। দেওবাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ দল ডি এম কেয়েও এই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰে।
ডি এম কেৰ আবেদনত দাবী কৰা হৈছে যে যুটীয়া সংসদীয় সমিতিৰ আলোচনাৰ সময়ত ৯৫ শতাংশ সদস্যই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছিল। তেওঁলোকে এই আইনখনৰ নিৰপেক্ষতাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি বাকী ৫ শতাংশ সমৰ্থকৰ “সাম্প্ৰদায়িক স্বাৰ্থ আৰু এজেণ্ডা” আছে বুলি অভিযোগ উত্থাপন কৰিছে। এই গোচৰত উচ্চতম ন্যায়ালয়ৰ চূড়ান্ত সিদ্ধান্তৰ ওপৰত সমগ্ৰ দেশে চকু ৰাখিছে। ৱাকফ আইন সংশোধনীক লৈ চলি থকা উত্তপ্ত ৰাজনৈতিক বিতৰ্কৰ মাজতে ১৫ মে’ত অনুষ্ঠিত হ’বলগীয়া শুনানি এই বিষয়ত এক উল্লেখযোগ্য টাৰ্নিং পইণ্ট হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে এই ৰায়দানে ৱাকফৰ সম্পত্তি ব্যৱস্থাপনা আৰু আনুষংগিক আইনসমূহৰ ভৱিষ্যত নিৰ্ধাৰণত মুখ্য ভূমিকা পালন কৰিব।