ডিজিটেল ডেস্কঃ বিয়া দিয়াত পলম কৰাৰ ফলতেই ছোৱালী পলাই যোৱা, ‘লাভ জেহাদ’ আদিৰ দৰে কাণ্ড সংঘটিত হয়। সেয়ে সৰুকালিতে বিয়া পাতি দিলে এনে হোৱাৰ সম্ভাৱনা একেবাৰে নাইকিয়া হৈ পৰে। এই মত এগৰাকী বিজেপি বিধায়কৰ। বাল্য বিবাহ কৰিলে ইজনে আনজনক সৰুৰেপৰা দেখি থাকে, আত্মীয়তা বাঢ়ে আৰু বিবাহ চিৰযুগমীয়া হয়। এনেদৰে বিশ্লেষণ কৰি চৰ্চালৈ আহিছে মধ্যপ্ৰদেশৰ আগৰ সমষ্টিৰ বিধায়ক গোপাল পাৰমাৰ।
ছোৱালীবোৰ সাধাৰণতে ‘আৱেগিক’ আৰু সহজেই ‘উটি-ভাঁহি যায়’। সেয়ে বিয়াৰ বৈধ বয়স হোৱাৰ পূৰ্বেই দৰা বাচি থ’ব লাগে আৰু পৰাপক্ষত তেনে ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগে। বিধায়কগৰাকীয়ে দা চানডে এক্সপ্ৰেছৰ সাংবাদিকৰ সৈতে হোৱা সাক্ষাতকাৰত এনেদৰে মত জাহিৰ কৰে।