প্ৰতিকী ফটো (সংগৃহীত)
প্ৰতিকী ফটো (সংগৃহীত)

ধুবুৰীঃ ধুবুৰী জিলাৰ বন্দিহানা-গলাকাটা নদীত সংঘটিত নাও দুৰ্ঘনাত দুটি লোকৰ প্ৰাণ ৰক্ষা পৰাৰ বিপৰীতে দুটি শিশু সন্ধানহীন হৈ পৰিছে। 

শনিবাৰে সন্ধিয়া ৬ টা মান বজাত শালবাৰী বজাৰৰ পৰা মায়াৰ চৰ গাঁও অভিমুখে যাত্ৰা কৰা যন্ত্ৰচালিত নাও এখনে বাহিৰ শালমাৰা গাঁৱৰ টুলুঙা নাও এটাক খুন্দা মাৰাৰ ফলত সংঘটিত হয় এই ঘটনা। 

স্থানীয়  আৰক্ষী-ৰাইজে উদ্ধাৰ অভিযান চলাই আছে যদিও অদ্যাপি শিশু দুটিৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই। একে পৰিয়ালৰ দুই শিশু সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সমগ্ৰ অঞ্চলজুৰি শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে  ।