নতুন দিল্লীঃ মুখেৰে ভাৰতৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কথা চীনে আওৰাই থাকে যদিও গোপনে দেশখনে ভাৰতক প্ৰতিহত কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ থাকে৷
চোৰাংচোৱাৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ যে ৰঙা চীনে ভাৰত সীমান্তত সাজু কৰিছে কেইবাটাও ক্ষেপনাস্ত্ৰ গোট৷
অৰণাচল সীমান্তৰপৰা মাত্ৰ ৯০০ কিল’ মিটাৰ আঁতৰত ইউঝি নামৰ অঞ্চলটোত চীনৰ পিপুল লীবাৰেচন আৰ্মীয়ে অতি গোপনে ক্ষেপনাস্ত্ৰৰ গোটটো স্থাপন কৰিছে৷
দেশখনে এই মিছাইল গোটটোৰ দায়িত্ব দিছে ৬২২ মিছাইল ব্ৰিগেডক। যিকোনো মূৰ্হুততে ভাৰতৰ ভূ-ভাগলৈ ক্ষেপনাস্ত্ৰ নিক্ষেপৰ বাবে সাজু কৰি ৰখা হৈছে এয়াত৷ ক্ষেপনাস্ত্ৰৰ এই ঘাটিতে সাজু কৰি ৰখা হৈছে দীৰ্ঘ দূৰত্বৰ লক্ষ্য ভেদ কৰিব পৰা ‘কিল’ নামৰ মিছাইলবিধো৷ এই সন্দৰ্ভত ভাৰতীয় নিৰাপত্তা সংস্থাই কয় যে তীব্বতত চীনৰ এই গতিবিধি ভাৰতে তীক্ষ্ন দৃষ্টিৰে পৰ্যবেক্ষণ কৰি আছে৷
উল্লেখ্য যে, হ্ৰস্ব দূৰত্ব ২৫০ কিল’ মিটাৰৰপৰা হাজাৰ হাজাৰ কিল’ মিটাৰ দূৰত থকা লক্ষ্যস্থানত মিছাইলেৰে আক্ৰমণ কৰাৰ ক্ষমতা আছে চীনৰ৷
পিপ’ল লিবাৰেচন আৰ্মী ৰকেট ফৰ্চৰ ৬২২ মিছাইল ব্ৰিডেডৰ সন্দৰ্ভত অধিক তথ্য আহৰণৰ বাবে ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে চেষ্টা চলাই আছে৷
ইফালে, পশ্চিম তীব্বতৰ গংগাঙ নামৰ সীমান্তৱৰ্তী এলেকাটোত চীনে এটা নতুন বিমান ঘাটি নিৰ্মাণ কৰি আছে৷ দেশখনে প্ৰকাশ কৰা মতে এই বিমান ঘাটিটো ২০২১ চনৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব আৰু ইয়াৰ বাবে ২.৬ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰা হ’ব৷ ইয়াৰ প্ৰত্যুত্তৰত ভাৰতেও ৩+১ প্ৰকল্পৰ অধীনত সীমান্তৱৰ্তী বুৰাঙ, লুঞ্জ আৰু তিংগ্ৰি নামৰ সীমান্তৱৰ্তী অঞ্চলত তিনিটা নতুন বিমান বন্দৰ স্থাপনৰ আঁচনি লৈছে৷