ডিজিটেল ডেস্কঃ দিল্লীত কুঁৱলীৰ বাবে যি পৰিস্থিতি উদ্ভব হৈছে তাতোকৈয়ো ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল চীনৰ ৰাজধানী বেইজিঙত৷ বিগত চাৰি দিন ধৰি বেইজিঙৰ আকাশ আৱৰি আছিল ঘন কুঁৱলীৰে ৷ কিন্তু বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প যেতিয়া তাত উপস্থিত হয় তেতিয়া বেইজিঙৰ আকাশ আছিল সম্পূৰ্ণ মুকলি৷
মুহূৰ্তৰ ভিতৰতে ফৰকাল হৈ পৰিল বেইজিঙৰ আকাশ৷ চাফটো কৰিবই লাগিব কিয়নো আলহী আহিছে বিদেশৰ পৰাষ তাতে আকৌ চুপাৰ পাৱাৰ দেশৰ মুৰব্বী আমেৰিকাৰ ৰাষ্ট্ৰপতি। চুপাৰ ৰাষ্ট্ৰপতিয়ে যাতে কোনো ধৰণৰ অসুবিধাত নপৰে তাৰ ব্যৱস্থা কৰিলে বেইজিং প্ৰশাসনে।