ডিজিটেল ডেস্কঃ ৪৫ বছৰত ভৰি দিলে বন সত্যাগ্ৰহ নামেৰে বিখ্যাত চিপকো আন্দোলনে৷ বিদেশৰ কোম্পানীক বনাঞ্চল ধ্বংস কৰি খেলৰ সামগ্ৰী প্ৰস্তুত কৰিবলৈ দিয়া অনুমতিৰ বিৰুদ্ধে ৪৫ বছৰ পূৰ্বে চিপকো আন্দোলন আৰম্ভ হৈছিল দেশত৷
গছ-গছনি, বননি ৰক্ষা আৰু পৰিৱেশ আন্দোলন নামেৰে বিখ্যাত চিপকো আন্দোলনক বিশ্বৰ অন্যতম নাৰীয়ে অংশগ্ৰহণ কৰা আন্দোলন ৰূপে জনা যায়৷ এই আন্দোলন আছিল গণ আন্দোলন৷ স্বাধীন ভাৰতত বহু সামাজিক আন্দোলন হৈছে যদিও চিপকো আন্দোলনক ৰাইজে সদায় বিশেষ দৃষ্টিৰে চাই আহিছে৷
অবিভক্ত উত্তৰ প্ৰদেশৰ বৰ্তমান উত্তৰাখণ্ডত আৰম্ভ হৈছিল চিপকো আন্দোলন৷ প্ৰথমে এই আন্দোলন জীৱিকা আহৰণৰ থলী ৰক্ষাৰ বাবে কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত এই আন্দোলনৰ পৰিৱেশ আৰু বন সংৰক্ষণৰ আন্দোলন হিচাপে জনা গৈছিল৷ বিশ্বৰ অন্যতম অহিংসাৰ আন্দোলন আৰু নাৰীয়ে অংশগ্ৰহণ কৰা আন্দোলন ৰূপে জনা যায় চিপকো আন্দোলনক৷
আন্দোলনক একে সময়তে ভাৰতবৰ্ষৰ বুদ্ধিজীৱী-সমাজ সচেতকসকলে সমৰ্থন কৰিছিল৷ এই আন্দোলনত আদিবাসী, পিছপৰা শ্ৰেণীৰ লোকৰ অধিকাৰৰ কথা উল্লেখ কৰা হৈছিল৷ বন সত্যাগ্ৰহ আন্দোলন ৰূপে বিখ্যাত চিপকো আন্দোলনৰ অন্যতম বৈশিষ্ট্য আছিল এই আন্দোলনত নাৰীয়ে অগ্ৰাধিকাৰ লৈছিল৷
১৯৭৩ চনত ভাৰতবৰ্ষক জোকাৰিছিল চিপকো গণ আন্দোলনে৷ ইতিহাসৰ পাতত লিপিবদ্ধ বনাঞ্চল ৰক্ষাৰ্থে যুজঁ কৰা চিপকো আন্দোলনে ৪৫ বছৰত ভৰি দিলে৷ এই চিপকো আন্দোলনত মানুহে একো একো জোপা বৃক্ষক সাৱটি ধৰি বন ৰক্ষা কৰিছিল৷
বিশ্ৰাই নামৰ গাঁৱৰ লোকে প্ৰত্যেকজোপা গছ-গছনিক ৰক্ষা কৰিবলৈ সাৱটি ধৰিছিল৷ যাৰ বাবে এই আন্দোলনৰ নাম দিয়া হৈছিল চিপকো আন্দোলন৷ হিন্দী চিপকো শব্দটোৰ অৰ্থ সাৱটি ধৰা আৰু তাৰ বাবেই এই আন্দোলনৰ নাম দিয়া হৈছিল চিপকো আন্দোলন৷
সুন্দৰলাল বহুগুণা, ছন্দীপ্ৰসাদ ভট্ট আৰু গৌৰাদেৱীৰ নেতৃত্বত আৰম্ভ হৈছিল চিপকো আন্দোলন৷ চিপকো আন্দোলনৰ সময়ছোৱাত দেশৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী৷ ১০ বছৰৰ ভিতৰতে এই আন্দোলন বিয়পি পৰিছিল বিভিন্ন ঠাইলৈ৷ ১৯৮০ চনত আন্দোলনকাৰীসকলে হিমালয়ৰ বনাঞ্চল ধ্বংস নকৰিবলৈ প্ৰধানমন্ত্ৰীক বাধ্য কৰোৱাৰ লগতে বনাঞ্চল সুৰক্ষিত কৰাৰ আইন প্ৰণয়ন কৰিবলৈ দাবী উত্থাপন কৰিছিল৷
এই আন্দোলনৰ ফলতেই পৰিৱেশ মন্ত্ৰণালয় খোলা হৈছিল৷ আন্দোলনত অধিক সংখ্যক মহিলাই কোম্পানীৰ পৰা গছক ৰক্ষা কৰিবলৈ সাৱটি ধৰিছিল একোজোপাকৈ গছ৷ ১৯৭৩ চনত তেতিয়াৰ উত্তৰ প্ৰদেশ অলকানন্দা ঘাটৰ মণ্ডল গাঁৱত আৰম্ভ হয় চিপকো আন্দোলন৷ জানিব পৰা মতে, চৰকাৰে পৃষ্ঠপোষকতাতেই থাকিয়েই আদেশ জাৰি কৰিছিল বনাঞ্চল ধ্বংস কৰিবলৈ৷
বিদেশৰ পৰা অহা কোম্পানীক বনাঞ্চল ধ্বংস কৰি খেলৰ সামগ্ৰী প্ৰস্তুত কৰিবলৈ মাটি বিক্ৰী কৰাৰ প্ৰচেষ্টা চলাইছিল চৰকাৰে৷ কিন্তু গাঁওবাসীৰ ৰঙা চকু আৰু অদম্য সাহসৰ ফলত কৰা আন্দোলনৰ বাবে বন ধ্বংস কৰিব নোৱাৰিলে চৰকাৰে৷ আন্দোলনৰ গুৰিধৰোতা সুন্দৰলাল বহুগুণা, ছন্দীপ্ৰসাদ ভট্ট আৰু গৌৰাদেৱীৰ দৰে সহস্ত্ৰ লোকে দশোলী গ্ৰাম স্বৰাজ্য সংঘৰ দ্বাৰা এই যুঁজ পাছলৈও অব্যাহত ৰাখিছিল৷
Google Doodle-এ সাহসী, শক্তিশালী, পৰাক্ৰমী, দৃঢ় বিশ্বাসী আৰু সাহসিকতাৰ কাম কৰি যোৱা নাৰীক সন্মান প্ৰদান কৰে আৰম্ভণি পেজত হাতে হাত ধৰি মহিলাই বন ৰক্ষা কৰি থকাৰ এখন প্ৰতীকি ফটো প্ৰচাৰ কৰে৷
আন্দোলনৰ বিচিত্ৰ ফটো খনে বিশ্বত পৰিৱেশ সংৰক্ষণকাৰীসকলক অদম্য সাহস আৰু দৃঢ় বিশ্বাস গঢ়ি তোলাত সহায় কৰিব৷ আন্দোলনক স্মৰণীয় তথা প্ৰেৰণা দিব বুলি আশা প্ৰকাশ কৰিছে Google Doodle-এ৷