গুৱাহাটীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহি গুৱাহাটীৰ শুক্লেশ্বৰ ঘাটৰ বালিচৰত সমবেত হ’ল হাজাৰ হাজাৰ কৃষক শ্ৰমিক। দেশ স্বাধীন হোৱাৰ পৰাই চৰকাৰ তথা পুঁজিপতিয়ে শ্ৰমিক-কৃষকসকলক বিভিন্ন প্ৰকাৰে লাঞ্চনা-বঞ্চনা কৰি অহাৰ প্ৰতিবাদত আজি কেইবা হাজাৰ কৃষক শ্ৰমিক সমবেত হৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে।
পুৱাৰে পৰা দহোবন কাটি কৰি বিভিন্ন উদ্যোগত কৰ্মৰত শ্ৰমিক, ব্যৱসায় প্ৰতিষ্ঠানৰ শ্ৰমিক, চাহ মজদুৰ, কৃষক আদি ব্ৰক্ষপুত্ৰৰ বালিচৰত একত্ৰিত হৈ চৰকাৰে শ্ৰমিকক কৰি অহা অন্যায়, অবিচাৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰে। নিখিল ভাৰত কৃষক সভাৰ কেন্দ্ৰীয় সদস্য অশোক ভাৱালে কৃষক শ্ৰমিক সমাৰোহ তথা প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি কৃষকক উ९পাদিত সামগ্ৰীৰ উচিত মূল্য প্ৰদান, জলসিঞ্চনৰ সু-ব্যৱস্থা কৰাৰ লগতে ভূমিহীন দৰিদ্ৰ কৃষকক খেতিৰ বাবে পট্টা সহ ভূমি দিবলৈ দাবী জনায়।