গুৱাহাটীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহি গুৱাহাটীৰ শুক্লেশ্বৰ ঘাটৰ বালিচৰত সমবেত হ'ল হাজাৰ হাজাৰ কৃষক শ্ৰমিক। দেশ স্বাধীন হোৱাৰ পৰাই চৰকাৰ তথা পুঁজিপতিয়ে শ্ৰমিক-কৃষকসকলক বিভিন্ন প্ৰকাৰে লাঞ্চনা-বঞ্চনা কৰি অহাৰ প্ৰতিবাদত আজি কেইবা হাজাৰ কৃষক শ্ৰমিক সমবেত হৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে।

পুৱাৰে পৰা দহোবন কাটি কৰি বিভিন্ন উদ্যোগত কৰ্মৰত শ্ৰমিক, ব্যৱসায় প্ৰতিষ্ঠানৰ শ্ৰমিক, চাহ মজদুৰ, কৃষক আদি ব্ৰক্ষপুত্ৰৰ বালিচৰত একত্ৰিত হৈ চৰকাৰে শ্ৰমিকক কৰি অহা অন্যায়, অবিচাৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰে। নিখিল ভাৰত কৃষক সভাৰ কেন্দ্ৰীয় সদস্য অশোক ভাৱালে কৃষক শ্ৰমিক সমাৰোহ তথা প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি কৃষকক উ९পাদিত সামগ্ৰীৰ উচিত মূল্য প্ৰদান, জলসিঞ্চনৰ সু-ব্যৱস্থা কৰাৰ লগতে ভূমিহীন দৰিদ্ৰ কৃষকক খেতিৰ বাবে পট্টা সহ ভূমি দিবলৈ দাবী জনায়।

চৰকাৰে পুজিপতিৰ স্বাৰ্থত কাম কৰাৰ বিপৰীতে কৃষকৰ হকে কাম কৰাবলৈ আৰু জনবিৰোধ নীতি গ্ৰহণ নকৰিবলৈ উদাত্ত ভাষণ যোগে দাবী জনায় কেবাজনো শ্ৰমিক নেতাই। আনফালে চাহ শ্ৰমিক ইউনিয়নৰ কেন্দ্ৰীয় সম্পাদক জহিৰুল ইছলামে প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ শ্ৰমিকৰ মাহিলি দৰমহা ১৮০০০ টকা কৰিবলৈ দাবী জনায়।

শ্ৰমিকৰ পেঞ্চন, ভাট্টা, স্বাস্থ্যবীমা আদিৰ ব্যৱস্থা কৰিবলৈকো চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰীসকলে। কৃষকৰ উ९পাদিত সামগ্ৰীৰ উচিত মূল্য দিয়া, কৃষি পথাৰত জনসিঞ্চনৰ ব্যৱস্থা কৰা, খেতিয়কক মাটিৰ পট্টা দিয়া, শ্ৰমিকৰ মাহিলী দৰমহা ১৮০০০ টকালৈ বৃদ্ধি কৰা, ৰাজ্যত উচ্ছেদ অভিযান বন্ধ কৰা আৰু বিজেপি চৰকাৰৰ সাম্প্ৰদায়ীকতা বাদৰ বিৰুদ্ধে অনুষ্ঠিত কৃষক শ্ৰমিক সমাৰোহত কৃষক শ্ৰমিক নেতা হেমেন দাসে, দেৱেন ভট্টচাৰ্য্য, তপন শৰ্মা, টিকেন দাস আদিয়ে উপস্থিত থাকি কৃষক শ্ৰমিকৰ জলন্ত সমস্যা সন্দৰ্ভত বক্তব্য আগবঢ়ায়।